অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত মৰাণত প্ৰতিবাদী গণ সমদল 

 প্ৰথম খবৰ,মৰাণ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি মৰাণৰ বামুণবাৰী শ্বহীদবেদীৰ প্ৰাংগণত এক বিশাল প্ৰতিবাদী গণ সমদল উলিওৱা হয়। লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত লেঙেৰী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয় ছাত্ৰ সংগঠন, মহিলা সমিতি, যুৱক সংঘ আৰু বৃহত্তৰ লেঙেৰী বামুণ বাৰীবাসীৰ ৰাইজৰ সহযোগত উলিওৱা এই প্ৰতিবাদী সমদলত প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰোদ্ধে বিভিন্ন শ্ল’গান দিয়ে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা দল সংগঠন সমূহ ক্ৰমে আহোম জাতীয় গণমঞ্চ লেঙেৰী আঞ্চলিক সমিতি,তাই আহোম ছাত্ৰ সন্থা লেঙেৰী আঞ্চলিক সমিতি, সোনোৱাল কছাৰী ছাত্ৰ সন্থা চহৰীকটা আঞ্চলিক সমিতি, লেঙেৰী শাখা সাহিত্য সভা, আঘোনীবাৰী আঞ্চলিক মহিলা সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু বংগভাষী অসমীয়া সমাজ। তেওঁলোকে চৰকাৰক হুংকাৰ দি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবী মানি নললে ইয়াতকৈ আৰু জংগী আন্দোলনৰ কাৰ্যসূচী লোৱা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close