অসমশীৰ্ষ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা পৰেশ বৰুৱাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আলফা(স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো ইয়াৰ ওপৰত তীব্ৰ বিৰোধিতা প্ৰকাশ কৰে। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই মঙ্গলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সংক্ৰান্তত স্থিতি স্পষ্ট কৰাৰ আহ্বান জনোৱাৰ লগতে নাগৰিকত্ব আইনক লৈ কংগ্ৰেছ নেতা ডাঃ অৰ্ধেন্দু কুমাৰ দে’য়ে অসমীয়া-বেংগলী সংক্ৰান্তত আগবঢ়োৱা প্ৰৰোচনামূলক বক্তব্যৰ বাবে নেতাগৰাকীক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ আৰু গ্ৰেপ্তাৰ কৰিবলৈ সোণোৱাল চৰকাৰক আহ্বান জনায় আলফাৰ সেনাধ্যক্ষগৰাকীয়ে।

অৰ্ধেন্দ কুমাৰ দে’ৰ মন্তব্যক সাম্প্ৰদায়িক আখ্যা দি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কংগ্ৰছক সকীয়নি প্ৰদান কৰি কয় যে কংগ্ৰেছ দলৰ পৰা দে’ক বহিষ্কাৰ নকৰিলে ইয়াৰ লগত কংগ্ৰছ দল জড়িত থকাৰ কথাটো নিশ্চিত হৈ পৰিব।

Related Articles

Leave a Reply

Close