অসমশীৰ্ষ

নাগৰিকত্ব সংশোধনী বিধেয়ক দাহেৰে লখিমপুৰত জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিবাদ

 

প্ৰথম খবৰ, লখিমপুৰ:

অসমবাসীৰ তীব্ৰ বিৰোধিতা স্বত্বেও বিজেপিয়ে অবৈধ হিন্দু বাংলাদেশী লোকক নাগৰিকত্ব প্ৰদানৰ লক্ষ্যৰে সংসদত উত্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰখা নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬  বাতিল কৰা দাবীত আজিও উত্তাল হৈ আছে লখিমপুৰৰ পৰিবেশ । আজি পুৱা আছু সহ সাহিত্য সভাকে ধৰি ২৮ জনগোষ্ঠীয় সংগঠনে বিক্ষোভেৰে নগৰৰ পৰিবেশ উত্তপ্ত কৰি তোলাৰ পিছত বিয়লিৰ ভাগতো অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে আদৰ্শ বজাৰৰ সন্মুখত নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কৰি বিজেপি চৰকাৰৰ জাতিদ্ৰোহী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনায় । সভাপতি লুলু বৰুৱা আৰু সাধাৰণ সম্পাদক মোবিন আহমেদৰ নেতৃত্বত জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক দাহেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই এই বিধেয়ক বাতিলৰ দাবী জনায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close