অসমশীৰ্ষ

নাগৰিকত্ব সংশোধনী বিধেয়ক আশীৰ্বাদ নে অভিশাপ

বিশেষ প্ৰতিবেদক, প্ৰথম খবৰ: বৰ্তমান সময়ত সকলোৰে মনত মাথো এটাই চিন্তা, গৃহীত হ’ব নেকি নাগৰিকত্ব সংশোধনী বিধেয়ক! আগন্তুক দিনত কেনেকুৱা হ’ব অসমৰ পৰিস্থিতি! সকলোতে ইয়াক লৈ এতিয়া সৰৱ চৰ্চা। আমি জনা উচিত কি হ’ব পাৰে আগন্তুক দিনত আমাৰ পৰিস্থিতি!

এতিয়া প্ৰশ্ন হয় “নাগৰিকত্ব সংশোধনী বিধেয়ক”খন যদি গৃহীত হয় অসমীয়া খিলঞ্জীয়াৰ কি লাভ হব! প্ৰথমে, ৮৫৫ জন শ্বহীদৰ জীৱন অথলে যাব। আগন্তুক দিনত অস্তিত্বৰ সংকটত ভূগিব অসমীয়া খিলঞ্জীয়া লোক। অসমত অসমীয়া সংখ্যালঘূ লোক বৃদ্ধি পোৱাৰ বাবে  অসমীয়া ভাষা পৰিৱৰ্তন হৈ অসমত বাংলা ভাষাৰ প্ৰচলন হ’ব। চৰকাৰী মাটি নাইকিয়া হোৱাৰ লগতে প্ৰদূষণ বৃদ্ধি আৰু গছ-গছনি নাইকিয়া হব। বিভিন্ন পশু পক্ষী বিলুপ্ত হব। খিলঞ্জীয়াই চৰকাৰৰ পৰা পোৱা সুবিধাবোৰৰ পৰিৱৰ্তন হ’ব। নতুন নাগৰিকসকলক সুবিধা দিব লাগিব। জনবসতিৰ ঘনত্ব ঘন হৈ পৰাৰ লগতে  আকৌ অনাকাংক্ষিত দিনবোৰ ঘূৰি আহিব। আপোনাৰ পৰিয়ালৰ সদস্য-সদস্যাসকলৰ যিকেইগৰাকীয়ে চাকৰি পালেহেঁতেন, হয়তো তেতিয়া নাপাব।

এই বিধেয়কখন গৃহিত হ’লে চৰকাৰে নতুন নাগৰিকসকলৰ কাৰণে অতিৰিক্ত টকা খৰছ কৰিব লাগিব। ৰাজ্যখনৰ সামগ্ৰিক পৰিৱেশ বিনষ্ট হ’ব। এন আৰ চিৰ নামত ব্যয় হোৱা টকা, শ্ৰম আৰু সময়বোৰ অথলে যাব। দেশখনৰ পৱিত্ৰ সংবিধানখনক অৱমাননা কৰা হ’ব। বহু বছৰ আমাৰ জীৱন-ধাৰণৰ মানদণ্ড এনেকৈ অপৰিৱৰ্তিত হৈ থকাৰ লগতে নিম্নগামী হ’ব। নিবনুৱা সমস্যা আৰু কৰ্মৰ সমস্যা বৃদ্ধি হোৱাৰ লগতে অসমৰ অৰ্থনৈতিক উন্নয়ন ধ্বংস হব। বিশেষকৈ বৰাক উপত্যকাত অসমীয়া ভাষা একেবাৰেই নোহোৱা হৈ যাব। জালনোটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী অসমত সহজে উপলব্ধ হ’ব। অসমত চুৰি-ডকাইতিৰ সংখ্যা বৃদ্ধি হ’ব। চৰকাৰী চিকিৎসালয়বোৰ বহু বেছি লেতেৰা হৈ পৰাৰ ফলত বেমাৰ বৃদ্ধি হোৱাৰ সমস্যাই দখা দিব। খেতি কৰিবলৈ মাটি নাটনি হোৱাৰ ফলত খাদ্য বস্তুৰ মূল্য বৃদ্ধি হব। বিজুলী আৰু খোৱা পানীৰ অভাৱ হব।

ইতিমধ্যে এই বিধেয়কৰ বিৰুদ্ধে সকলোৱে মাৰবান্ধি ওলাই অহাৰ লগতে  জাতীয় সংগঠনসমূহেও এই বিধেয়কৰ সম্পূৰ্ণ বিৰোধীতা কৰিছে।

Related Articles

Leave a Reply

Close