শেহতীয়া
Home / অসম / নাগৰিকত্ব সংশোধনী ২০১৬ বিধেয়ক বাতিলৰ দাবীত সাংবাদিকৰ অৱস্থান ধৰ্মঘ্ট

নাগৰিকত্ব সংশোধনী ২০১৬ বিধেয়ক বাতিলৰ দাবীত সাংবাদিকৰ অৱস্থান ধৰ্মঘ্ট

প্ৰথম খবৰ, মৰিয়নী:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত। সেই সময়তে মৰিয়নী ই মিডিয়াৰ আহ্বানত মৰিয়নীৰ সাংবাদিক তথা বিভিন্ন দল সংগঠনৰ লগতে মৰিয়নীৰ সচেতন ব্যক্তি সকলে অৱস্থান ধৰ্মঘ্ট কায্যসূচী ৰূপায়ন কৰে। এই অৱস্থান ধৰ্মঘটত স্থলীত এক সভা অনুষ্ঠিত কৰি  নাগৰিকত্ব সংশোধনী আইন ২০১৬ ৰ বিধেয়ক খনৰ বিৰোধিতা কৰে। এই প্ৰতিবাদী সভাত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নী জাতীয় বিদ্যালয় অধ্যক্ষ তথা প্ৰাক্তন আছু নেতা ৰঞ্জিত গোহাঁইবৰুৱা, প্ৰাক্তন আছু নেতা অৰুণ বেৰীয়া, শৰীৰ চর্চাবিদ তুষাৰ পাল, বেচৰকাৰী সংস্থা ‘পোহৰ’ সঞ্চালক মাধুৰ্য গগৈ, মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ, মৰিয়নী চেম্বাৰচ অব কমাৰ্চৰ বিষয়ববীয়াকে আদি কৰি বহুকেইজন সচেতন ব্যক্তিয়ে আইন খনৰ বিৰোধিতা কৰি নিজ নিজ বক্তব্য দাঙি ধৰে।প্ৰায় অৰ্ধশতাধিক ব্যক্তিয়ে অংশ লোৱা এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে চৰকাৰ সকীয়াই দিয়ে এই বিধেয়ক খন যদি অতি শীঘ্ৰে বাতিল নকৰে তেতিয়া অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*