অসম

নাগৰিকত্ব সংশোধী বিধেয়ক বাতিলৰ দাবীত অসম গণ পৰিষদৰ জোঁৰ সমদল:উত্তাল বিহপুৰীয়া

প্ৰথম খবৰ,বিহপুৰীয়া: নাগৰিকত্ব সংশোধনে বিধেয়কৰ জৰিয়তে এক কোটি ৯০ লাখ হিন্দু বাংলাদেশীক অসমত জাপি দিব বিচৰা কাৰ্যৰ বিৰোধীতা কৰি ৰাজ্যযুৰি প্ৰতিবাদমুখৰ হৈ থকাৰ সমান্তৰালভাৱে বিহপুৰীয়াতো প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে বিহপুৰীয়াৰ একাধিক দল সংগঠনে ইতিমধ্যে এই বিধেয়কৰ বিৰোধীতা কৰি বহু কেইটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ৷ আজিও  অসম গণ পৰিষদ দলৰ বিহপুৰীয়া আঞ্চলিক সমিতিখনে সন্ধিয়া জোঁৰ সমদলেৰে বিধেয়কখনৰ বিৰোধিতা কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিহপুৰীয়া যোগ বৰুৱা প্ৰেক্ষাগৃহৰ পৰা আৰম্ভ কৰা এই জোঁৰ সমদলে বিহপুৰীয়াৰ ৰাজপথ উত্তাল কৰি তোলাৰ লগতে শীঘ্ৰে এই বিধেয়কখন বাতিলৰ হুংকাৰ দিয়ে ৷ চৰকাৰ বিৰোধী শ্লোগানেৰে স্বাভাৱিক পৰিৱেশ উত্তাল হৈ পৰা এই প্ৰতিবাদী জোঁৰ সমদলত স্থানীয় লোক সকলেও পূৰ্ণ সহযোগিতা আগবঢ়ায় ৷ প্ৰতিবাদী সমদলত অসম গণ পৰিষদ দলৰ বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰা আদিকে ধৰি সমষ্টিটোৰ অগপ কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷ উল্লেখ্য যে আজি এই জোঁৰ সমদলত স্থানীয় কেইবাটাও সংগঠনৰ লগতে বেংগলী সংগঠনসমূহে সহযোগিতা আগবঢ়ায় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close