অসম

নাগৰিকপঞ্জী সম্পৰ্কত কামৰূপ জিলাৰ উপায়ুক্তক সাক্ষাৎ জিলা ছাত্ৰ সন্থা আৰু কৰ্মচাৰী পৰিষদৰ

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:আজি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ গুৱাহাটী মহানগৰ আৰু দক্ষিণ কামৰূপ জিলাৰ ২০ জনীয়া এটা সজাতি দলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কত কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যক সাক্ষাৎ কৰে। কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ৰাজবংশী,সাধাৰণ সম্পাদক নিৰোদ কুমাৰ দাস,নৱনিৰ্বাচিত সভাপতি দিবাকৰ কলিতা,সহকাৰী সম্পাদক ইমদাদুৰ ৰহমান,দ্বীপজ্যোতি বৰ্মণ, সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা,কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি কুশ ৰংপি,কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক টুটুমণি কলিতা,গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তপন গোস্বামী,সম্পাদক অতুল শৰ্মা,দক্ষিণ কামৰূপ জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক জয়ন্ত দাস উপস্থিত হৈ কামৰূপ জিলাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ উপৰিও সাক্ষাতৰ সময়ত উপস্থিত থকা নেতাসকলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সকলো কামকাজ কামৰূপ জিলাত নিখুতভাৱে সম্পন্ন কৰিবলৈ উপায়ুক্ত কমল কুমাৰ বৈশ্যক আহ্বান জনোৱা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে আছু আৰু কৰ্মচাৰী পৰিষদৰ সজাতি দলটোৰ একাংশই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close