অসম

নাজিৰা মহকুমাত সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন

প্ৰথম খবৰ, শিমলুগুৰি: সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমাতো ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু দিনৰ লগত সংগতি ৰাখি সোমবাৰে সন্ত্ৰাসবাদ বিৰোধী দিৱস আনুষ্ঠানিকভাৱে মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত পালন কৰা হয়। এই উপলক্ষ্যে মহকুমাধিপতি ৰাজীৱ থাপাই উপস্থিত কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীক অহিংসা, দেশৰ সংহতি, ঐক্য আৰু শান্তি প্ৰতিস্থাৰ শপত বাক্য পাঠ কৰোৱাই।

শান্তি, সমন্বয় আৰু ভাতৃত্ববোধৰ মাধ্যমেৰে একত্ৰিত হৈ সকলো ধৰণৰ সমাজ বিৰোধী শক্তিৰ প্ৰতি মাৰবান্ধী থিয় হ’বলৈ লৈ মহকুমাধিপতি গৰাকীয়ে উপস্থিত বিষয়া-কৰ্মচাৰী সকলক আহ্বান জনায়।

উল্লেখ্য, নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ দ্বাৰা অনুৰূপধৰণে আজি এই দিৱস পালন কৰি সকলো বিষয়া কৰ্মচাৰীৰ দ্বাৰা সন্ত্ৰাসবাদ বিৰোধীতাৰ শপত বাক্য লোৱা হয়। আজিৰ সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ সভাত মহকুমাধিপতিৰ উপৰিও সভাত অংশগ্ৰহণ কৰে নাজিৰাৰ সহকাৰী আয়ুক্ত অদিতি বৰ্মণ, জনসংযোগ বিষয়া জয়ন্ত মাউত, আবকাৰী পৰিদৰ্শক আনন্দ বৰা, যোগান পৰিদৰ্শক কামালুদ্দিন আহমেদকে আদি কৰি মহকুমাধিপতি কাৰ্য্যালয়ৰ বিভাগীয় বিষয়া-কৰ্মচাৰীসকল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close