অসম

নাহৰকটীয়া বাগান গেটত ভয়ংকৰ পথ দুৰ্ঘটনা:৩ জন লোক আহত

প্ৰথম খবৰ,নাহৰকটীয়া:নাহৰকটীয়াৰ বাগান গেটৰ সমীপত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। এ এছ ০৬ কিউ ৯৯৯৬ নম্বৰৰ তীব্ৰ বেগী  টাটা জেষ্ট  নামৰ গাড়ীখনে বাগান গেটৰ কেঁকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই গাহৰি কাটি থকা এজন ব্যক্তিক মহতিয়াই  নিয়াৰ লগতে পথৰ কাষত থকা বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দা মাৰে। ফলত জিতেন ৰজক নামৰ গাহৰি বেপাৰীজন  গুৰুতৰভাৱে আহত হোৱাৰ লগতে বাহনখনৰ আৰোহী দিগন্ত গগৈ আৰু মৃগক্ষী গগৈ গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে জনৈক নবজিৎ ফুকন নামৰ ব্যক্তিজনৰ উক্ত গাড়ীখন লৈ কালি নিশা উক্ত আৰোহী কেইজনে দুলিয়াজানত অনুষ্ঠিত জুবিন গাৰ্গৰ অনুষ্ঠান উপভোগ কৰি আহিছিল। সন্দেহ কৰা মতে নিশা অনুস্থিত অনুষ্ঠান উপভোগ কৰি হোৱা টোপনি ক্ষতি আৰু দ্ৰুতগতিত গাড়ী চলোৱাৰ বাবেই উক্ত ঘটনাটো সংঘটিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close