অসম

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ লিখিত পৰীক্ষা বাতিলৰ দাবী মুছলিম ছাত্ৰ সন্থাৰ 

 

প্ৰথম খবৰ, চেঙা : পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত নিযুক্তিৰ বাবে অনুষ্ঠিত হৈ যোৱা ৯৪৫টা পদৰ লিখিত পৰীক্ষাত ব্যাপক বিশৃংখল, অনিয়ম সংঘটিত হোৱাৰ পাছতো পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত হোৱা বুলি দাবী কৰা বিভাগীয় মন্ত্রী নৱ কুমাৰ দলেক উভতি ধৰিছে মুছলিম ছাত্ৰ সন্থা, অসমে৷ যোৱা ২০ মে’ত অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত ব্যাপক অনিয়ম আৰু বিশৃংখলতা হোৱাৰ কথা সংবাদ মাধ্যমৰ লগতে বিভিন্ন ছ’চিয়েল মাধ্যমত প্রকাশ হোৱাৰ পাছতেই ৰাজ্যজুৰি আৰম্ভ হৈছিল তীব্ৰ প্রতিক্রিয়াৰ৷
বিজেপি চৰকাৰখনে নিযুক্তিৰ সৈতে জড়িত পৰীক্ষা প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলাই নিয়াত অক্ষম হোৱাত বিভিন্ন দল-সংগঠনেও অসন্তুষ্টি প্ৰকাশ কৰি প্রতিক্রিয়া ব্যক্ত কৰিছিল৷ বিষয়টোক লৈ বিভাগীয় মন্ত্রীগৰাকীয়ে সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হোৱা বুলি দিয়া দাম্ভিক মন্তব্যক আজি মুছলিম ছাত্ৰ সন্থা,অসমে হাস্যকৰ বুলি উল্লেখ কৰি এক বিবৃতিত কয় যে ম’বাইল ফোন পৰীক্ষা গৃহত নিষিদ্ধ হোৱাৰ পাছতো বহু পৰীক্ষাৰ্থীয়ে পৰীক্ষাগৃহত ম’বাইল ফোন ব্যৱহাৰ কৰিলে,প্ৰশ্ন কাকতত ভুল উত্তৰ সন্নিৱিষ্ট হ’ল,কোনো ঠাইত পলমকৈ পৰীক্ষা আৰম্ভ হ’ল তথাপি মন্ত্ৰীজনৰ এই দাম্ভিক মন্তব্যই সুধী সমাজক লজ্জানত কৰিলে৷ ছাত্ৰ সংগঠনটোৰ সভাপতি জালালউদ্দিন আৰু সম্পাদক ছমিম ইজাজ আহমেদ স্বাক্ষৰিত বিবৃতিটোত এইবোৰ খেলিমেলিৰ বাবেই বহু মেধাবী প্ৰাৰ্থী বঞ্চিত হ’ব বুলি উল্লেখ কৰি সংগঠনটোৱে ২০ মে’ত অনুষ্ঠিত হৈ যোৱা পৰীক্ষা বাতিল কৰি পুনৰ নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close