শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত ৭১,৫০০ সশস্ত্ৰ সুৰক্ষাকৰ্মী নিয়োগ

পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত ৭১,৫০০ সশস্ত্ৰ সুৰক্ষাকৰ্মী নিয়োগ

নেচনেল ডেস্ক, প্ৰথম খবৰ: দীঘলীয়া নিৰ্বাচনী যুদ্ধৰ পিছত সোমবাৰে পশ্চিমবংগত অনুষ্ঠিত হয় গাঁও পঞ্চায়ত নিৰ্বাচন৷ ১৭ মে’ত ফলাফল ঘোষণা হ’বলগীয়া এই নিৰ্বাচন হৈছে ২০১৯ লোকসভা নিৰ্বাচনৰ আগত হোৱা শেষ গুৰুত্বপূৰ্ণ নিৰ্বাচন৷

প্ৰথমাৱস্থাত এই নিৰ্বাচনকলৈ তৃণমুল কংগ্ৰেছ, বিজেপি আদি দলৰ মাজত তীব্ৰ মতবিৰোধ দেখা দিছিল যদিও সুপ্ৰীম কোৰ্টৰ আদেশ মৰ্মে সোমবাৰে অনুষ্টিত হয় এই নিৰ্বাচন৷ পশ্চিমবংগৰ ৰাজ্যিক নিৰ্বাচন আয়োগে কোৱা মতে নিৰ্বাচন আয়োগৰ সুৰক্ষাৰ বাবে পশ্চিম বংগৰ ভোটকেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে ৭১,৫০০ সশস্ত্ৰ সুৰক্ষাকৰ্মী৷

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত ৫৮,৬৯২ খন আসনৰ ভিতৰত ২০,০৭৬ খন আসনৰ বাবে প্ৰথমতেই নিৰ্দলীয় প্ৰাৰ্থী বাছনি কৰা হৈছিল৷ দেওবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই নিৰ্বাচনত ভোটদান কেন্দ্ৰসমূহৰ আগফালে দেখা পোৱা গ’ল সমাজৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভোটদানকাৰীৰ দীঘলীয়া শাৰী৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*