Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / ৰাষ্ট্ৰীয় / পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

নিউজ ডেস্ক, প্ৰথম খবৰ: পশ্চিম বংগ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা ইতিমধ্যে আৰম্ভ হৈছে । পঞ্চায়ত নিৰ্বাচনক লৈ পশ্চিম বংগত ব্যাপক হাৰত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছিলে যাৰ ফলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । যোৱা বুধবাৰে ৰাজ্য নিৰ্বাচন আয়োগ (এচ ই চি) ক ৫৬৮টা ভোটগ্ৰহণ কেন্দ্ৰত হিংসাৰ খবৰ দিছিল ইয়াৰ মাজতেই দুই-এটা বিক্ষিপ্ত ঘটনাৰ পিছত পুণৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । আয়োগৰ মতে আনুমানিক ৭০ শতাংশ ভোটগ্ৰহণ হোৱা বুলি নিশ্চিত হৈছে । পশ্চিম বংগৰ হুগলীত ১০%, পশ্চিম মিদনাপুৰত ২৮%, কোচবিহাৰত ৫২%, মূৰ্ছিদাবাদত ৬৩%, নদিয়াত ৬০%, উত্তৰ ২৪ পৰগণাত ৫৯%, মালডাত ৫৫%, উত্তৰ দিনাজপুৰত ৭৩%, আৰু দক্ষিণ ২৪ পৰগণাত ২৬%, ভোটদান সম্পন্ন হৈছে ।পশ্চিম বংগত যোৱা ১৪ মে’ত অনুষ্ঠিত হোৱা নিৰ্বাচনত ব্যাপক হাৰত হিংসাত্মক ঘটনা সংঘটিত  য’ত ১২ জনকৈ লোক নিহত হৈছিল। আহতৰ সংখ্যা আছিল ৪৩ জন।

Leave a Reply

Your email address will not be published. Required fields are marked *

*