অসম

পাৰ্বত্য জিলাত শোকাকূল পৰিবেশ:অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খৰ্কা বাহাদুৰ ছেত্ৰীৰ দেহৱসান

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খৰ্কা বাহাদুৰ ছেত্ৰীৰ দেহৱসান। যকৃৎ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী এপল’ হস্পিতালত যোৱা কালি দিনৰ ১০-৩০ বজাত ছেত্ৰীয়ে ত্যাগ কৰে শেষ নিশ্বাস। আৰু লগে লগে এনেদৰে হঠাৎ অহা মৃত্যুৰ দু:খৱৰে শোকস্তব্ধ কৰি তুলে বৃহত্তৰ হাৱাইপুৰৰ লগতে সমগ্ৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙতে। ইপিনে প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গৰাকীৰ মৃত্যুত অসম নেপালী সাহিত্য সভাৰ বিষয়ববীয়াৰ বিপৰীতে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ হাৱাইপুৰবাসী, নেপালী সমাজ,বিভিন্ন দল-সংগঠন, বৃহত্তৰ অঞ্চলটোৰ ছাত্র-ছাত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰয়াত সভাপতি গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সমান্তৰালকৈ সমগ্ৰ জিলাখনৰ ৰাইজ তথা তেওঁৰ অনুগামীয়ে পাহাৰীয়া জিলাখনে এগৰাকী অভিজ্ঞ,সুদক্ষ,অদৰ্শবান শিক্ষক, সমাজসেৱক, শিক্ষাবিদ, সাহিত্যিকক এনেদৰে হেৰুৱাবলগীয়া হোৱাত গভীৰ শূন্যতা উপলব্ধি কৰিছে বা তেওঁৰ মৃত্যুক লৈ সকলোয়ে মৰ্মাহত হৈ পৰিছে। উল্লেখ্য যে প্ৰয়াত খৰ্কা বাহাদুৰ ছেত্ৰীয়ে ইং ১৯৬৭-২০০০ চনলৈকে হাৱাইপুৰ হাই স্কুলৰ প্ৰধান শিক্ষক, ২০০৭-১১ চনলৈ অসম নেপালী সাহিত্য সভাৰ সভাপতি, ১৯৮২-১৯৯৭ চনলৈকে হাৱাইপুৰ নেপালী সাহিত্য সন্মিলনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে নেপালী পাঠ্যপুথি,নেপালী ব্যাকৰণ,কবিতা,গল্প,উপন্যাস আদি কিতাপ ৰচনা কৰিছিল। আজি পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত তথা তেওঁৰ গৃহভূমিত তেওঁৰ নিথৰ দেহক লৈ সামাজিক মৰ্যদা আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বৃহত্তৰ হাৱাইপুৰবাসী,বিভিন্ন দল-সংগঠন আৰু অঞ্চলটোত থকা ছাত্ৰ-ছাত্ৰীসকলে। ইতিমধ্যে তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে বৃহত্তৰ হাৱাইপুৰ অঞ্চলৰ লগতে সমগ্ৰ পাহাৰীয়া জিলাখনতে। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত হোৱা ৰাইজে একেমুখে সকলোয়ে তেওঁৰ স্মৃতিক স্মৰণ কৰি উচ্চাৰণ কৰি উঠিছে যে বৃহত্তৰ হাৱাইপুৰ অঞ্চলত শিক্ষাৰ ক্ষেত্ৰখনত শিক্ষা বিস্তাৰৰ ক্ষেত্রত খৰ্কা বাহাদুৰ ছেত্ৰীৰ ভূমিকা, অৱদান অতুলনীয় আৰু অপৰিসীম আছিল। তেওঁ শিক্ষাজগতত আমাৰ হাৱাইপুৰ বাসীৰবাবে এক ধ্ৰুৱতৰাস্বৰূপ আছিল,তেওঁ আমাৰ অঞ্চলত শিক্ষা বিস্তাৰৰ বাটকটীয়া আছিল বুলি প্ৰকাশ কৰাৰ লগতে আৰু তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰে উপস্থিত থকা স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close