অসম

পুৰনিগুদামত পথ দুৰ্ঘটনা  গুৰুতৰভাবে আহত তিনিজন

 

প্ৰথম খবৰ, পুৰণিগুদাম:

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ পুৰনিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত গড়মুৰ তিনিআলি সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷ঘটনা সন্দৰ্ভত জানিব পৰা মতে, এ-এছ-০২-এইচ-৫ ১০৫ নম্বৰৰ কে টি এম বাইক খন পুৰণিগুদাম দিশৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাত গড়মুৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একে দিশৰ পৰা গৈ থকা চাইকেল আৰোহী মকচুৰ আহমেদ নামৰ লোকজনক মহতিয়াই নিয়ে ফলত চাইকেল আৰোহীজনৰ লগতে বাইক আৰোহী পল্লৱ বৰা আৰু পাৰ্চ বৰাও গুৰুতৰ ভাবে আহত হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে, চাইকেল আৰোহী মকচুৰ আহমেদৰ ঘৰ পুৰণিগুদামৰ সমীপৰ ন-আলিমুৰত আৰু বাইক আৰোহী দুজনৰ ঘৰ কাষৰি গাঁৱত বুলি জানিব পৰা গৈছে ৷পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোক তিনিজনক স্থানীয় লোকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰন কৰিছে বুলি জানিব পৰা গৈছে৷

Related Articles

Leave a Reply

Close