অসম

পেট্ৰ’ল ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ:আজি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মংগলদৈত পেট্ৰ’ল, ডিজেল আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ কৰে।
পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি ২৪ তাৰিখ বৃহস্পতিবাৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক অভিনৱ ধৰনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা শ্বহীদ ভৱনৰ পৰা ম’হৰ গাড়ীত হেলমেট পৰিধান কৰি পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধৰ বাবে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ দৰং জিলা সন্থাৰ সভাপতি খনিন্দ্র ৰাজবংশী,উপসভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ চহৰীয়া,ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য অৰুপ কলিতা। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধমেন্দ্ৰ প্ৰধানৰো প্ৰতিকৃতি দাহ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close