অসম

প্ৰতিষ্ঠানৰ চাটাৰ ভাঙি চোৰে লুটিলে ১৫ লাখ টকাৰ সামগ্ৰী

নিউজ ডেস্ক, প্ৰথম খবৰ: বুধবাৰে নিশা গহপুৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে এক চাফাই অভিযান। নিশাৰ ভিতৰতে গভাইত চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী।

প্ৰাপ্ত তথ্য মতে, গহপুৰ নগৰৰ ভাৰতীয় ষ্টেট বেংকৰ সমীপতে থকা অগ্নিভ কম্পিউটেক নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা দোকানখনৰ চাটাৰ ভাঙি চোৰে লেপটপ, মোবাইলসহ প্ৰায় ১৫ লাখ টকাৰ সামগ্ৰী চুৰি কৰি উধাও হয়। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close