শেহতীয়া
Home / অসম / প্ৰথম খবৰৰ বাতৰিৰ প্ৰভাৱ, ৫ লাখ কৰ্মচাৰী নামিব আন্দোলনত

প্ৰথম খবৰৰ বাতৰিৰ প্ৰভাৱ, ৫ লাখ কৰ্মচাৰী নামিব আন্দোলনত

নিউজ ডেস্ক, প্ৰথম খবৰ:  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত চলি অহা প্ৰতিবাদ,বিক্ষোভৰ মাজতে কৰ্মচাৰী পৰিষদে দৰমহা বৃদ্ধি আৰু অন্যান্য সুবিধা আদায় কৰাৰ বাবে আন্দোলনত নামিম বুলি ঘোষণা কৰিছিল। তিনি দিন পূৰ্বে এই বাতৰি আমি প্ৰকাশ কৰিছিলো। সেই বাতৰিৰ প্ৰভাৱত আজি অসম কৰ্মচাৰী পৰিষদে গুৱাহাটীৰ ছহীদ ভৱনত আছুৰ সৈতে হোৱা এক আলোচনা সভাত সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰিছে। অসম কৰ্মচাৰী পৰিষদে প্ৰায় ৫ লাখ কৰ্মচাৰী লগত লৈ এই বিধেয়ক বাতিলৰ দাবীত আন্দোলন কৰিম বুলি ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*