অসমশীৰ্ষ

প্ৰদূষণ ৰোধৰ বাবে শীঘ্ৰে দেশত বৈদ্যুতিক কাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ:ভাৰতত বৰ্তমান সময়ত গাড়ী বৃদ্ধিৰ সমান্তৰালকৈ প্ৰদূষণৰ সমস্যাই দেখা দিছে। যাৰ ফলত হৈছে বিভিন্ন দুৰাৰোগ্য ৰোগ। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ভাৰতত এনেকুৱা চৈধ্যখন নগৰী আছে য’ত প্ৰদূষণৰ মাত্ৰা সৰ্বাধিক। এই তালিকাত সকলোতকৈ শীৰ্ষত আছে কানপুৰ। যাৰ বাবে এতিয়া গাড়ী নিৰ্মাণকাৰী কোম্পানীসমূহো কিছু সতৰ্ক হৈছে। দেশত প্ৰদূষণ ৰোধ কৰিবলৈ শীঘ্ৰে আহি আছে ২২ খনকৈ বৈদ্যুতিক কাৰ তথা ইয়াৰ বিভিন্ন মডেল। উচ্চতম ন্যায়ালয়ৰ মতে, এই কাৰ অতি শীঘ্ৰে ভাৰতলৈ আহিব। মহিন্দ্ৰা আৰু টাটা মটৰ্চে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি তীব্ৰতাৰে কাম আৰম্ভ কৰিছে। উল্লেখ্য, উচ্চতম ন্যায়ালয়ে পূৰ্বে ডিজেল গাড়ীত ৰেহাইৰ ব্যৱস্থা তথা দেশত বৈদ্যুতিক কাৰৰ ক্ষেত্ৰত ১৫০ শতাংশ কৰৰ এক বিশেষ ৰায়দান দিছিল। এই ৰায়দানৰ ভিত্তিতেই বৰ্তমান সময়ত বিভিন্ন কোম্পানীয়ে ভাৰতত বৈদ্যুতিক কাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close