অসম

পৰকীয়া প্ৰেমৰ পৰিণতি, হত্যা কৰি পেলাই থৈ গ’ল নৈৰ পাৰত

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰবিবাৰে নিশা হাজোৰ দলৈতোলাত এজন লোকৰ মৃতদেহ উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশা লোকজনক হত্যা কৰি নৈৰ পাৰত পেলাই থৈ গ’ল কোনো অচিনাক্ত লোকে।

প্ৰাপ্ত খবৰ মতে, মৃত লোকজনৰ স্থানীয় এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। আনহাতে মৃত লোকজন ৰজত আলী বুলি জানিব পৰা গৈছে।

স্থানীয় একাংশৰ মতে, দীৰ্ঘ দিনৰ পৰা চলি অহা মহিলাগৰাকী আৰু ৰজতৰ মাজৰ সম্পৰ্কই এনে ভয়ংকৰ ৰূপ ল’লে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে লোকজনক হত্যা কৰাৰ সন্দেহ কৰাৰ লগতে উত্তেজিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰে অভিযুক্ত মহিলাগৰাকীৰ বাসগৃহ। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close