Home / অসম / ফিল’বাৰীত আছুৰ সভা

ফিল’বাৰীত আছুৰ সভা

 

ফিল’বাৰীৰ পৰা সুৰজিৎ প্ৰথম খবৰ :সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ১৮মে, শুক্ৰবাৰে ৰাতিপুৱা ৯ বজাত আঞ্চলিক ছাত্ৰ সন্থা আৰু আ্ঞ্চলিক কৰ্মচাৰী পৰিষদ সমূহে ৰাইজৰ সহযোগত ছহিদবেদীৰ ওচৰত সমবেত হব। ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰি ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জনাব আৰু ছহিদসকলৰ চূৰান্ত ত্যাগৰ ফচলস্বৰূপ এন আৰ চি উন্নীতকৰণৰ কামত নিয়োজিত বিষয়া,কৰ্মচাৰীসকলৰ সুস্বাস্থ্য আৰু নিৰাপত্তা কামনা কৰি প্ৰাৰ্থনা জনাই এই দিনটো উদ্যম আৰু প্ৰেৰণাৰ দিন হিচাপে পালন কৰিব৷ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টো কাইলৈ জৰুৰী ভাবে কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হৈছে গতিকে অঞ্চলিকৰ সকলো বিষয় ববীয়া আৰু সদস্য লগতে বুঢ়ীদিহিং শাখাকো উপস্থিত থাকিবলৈ আহ্বান জনাইছে।
উক্ত সভাত জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কৰ্ণ বৰগোহাঁই আৰু সাংগঠনিক সম্পাদক চন্দন কলিতা উপস্থিত থাকিব আৰু বিষয় হিচাপে সাংগঠনিক ভেটি সবল কৰাৰ প্ৰদক্ষেপৰ লগতে জিলা ছাত্ৰ সন্থাৰ কাৰ্যসূচী সফলত সহায় কৰা আৰু অঞ্চলিকৰ বিভিন্ন বিষয় আলোচনা হব বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*