আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ফ্ৰান্সত ISISৰ আক্ৰমণ, আল্লাহু আকবৰ ধ্বনি দি ইজনৰ পিছত সিজনক চুৰিকাঘাত, নিহত ২

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: পুনৰ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আইছিছে। স্থানীয় সময় অনুসৰি শনিবাৰে সন্ধিয়া ফ্ৰান্সৰ ৰাজধানী পেৰিছৰ ৰাজপথত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। আল্লাহু আকবৰ ধ্বনি দি ইজনৰ পিছত সিজনক চুৰীকাঘাত কৰি যায় দুৰ্বৃত্তই। আক্ৰমণৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে।

আক্ৰমণ সংঘটিত কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীয়ে দুৰ্বূত্তক গুলীয়াই ধৰাসায়ী কৰিবলৈ সক্ষম হয়। কিন্তু গুলীবিদ্ধ হোৱাৰ পূৰ্বে দুৰ্বৃত্তই হত্যা কৰে দুজনক। আনহাতে আহত হয় কমেও ৫-৬জন লোক।

এই বিষয়ত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইফালে কেইঘণ্টামানৰ ভিতৰতে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আইছিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close