অসম

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা সম্পন্ন

মানস জ্যোতি মহন্ত
প্ৰথম খবৰ
বটদ্ৰৱা

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ সৰ্বাংগীন উন্নয়ন আৰু প্ৰতিপালনৰ নিমিত্তে ১৯৫৮ চনতে গঠিত হোৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভাখন সংবিধানৰ ৩(গ) আৰু ৩(ঘ) ছেদ অনুসৰি আজি থানৰ সভাঘৰ প্ৰাংগনত অনুষ্ঠিত হয়। নগাঁও আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন, উদ্দেশ্য ব্যখ্যা, শোক প্ৰস্তাব গ্ৰহণ, বিগত সাধাৰণ সভাৰ কাৰ্য্যবিৱৰণী পাঠৰ পাছত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে আৰু হিচাপ পৰীক্ষক প্ৰতিবেদন পাঠ কৰে সহকাৰী সাধাৰণ সম্পাদক যতীন বৰুৱাই। সভাত ১৪২৪-২৫ ভাস্কৰাব্দ বৰ্ষৰ বাবে বাজেট উত্থাপন, আলোচনা আৰু গ্ৰহণৰ পিছতেই আগন্তক তিনি বছৰীয়া কাৰ্যকাল (২০১৮-২০২১) বৰ্ষৰ বাবে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীক সভাপতি, ভোগেশ্বৰ বৰাক কাৰ্যকৰী সভাপতি, ব্ৰজেন কাকতিক সাধাৰণ সম্পাদক, ইন্দ্ৰমোহন বৰুৱা, যোগেন শইকীয়াক সহকাৰী সাধাৰণ সম্পাদক, ঘনশ্যাম নাথক কোষাধ্যক্ষ হিচাপে লৈ অসম ভিত্তিত এখনি শক্তিশালী বটদ্ৰৱা থান পৰিচালনা সমিতি গঠন কৰা হয়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close