অসম

বনবিভাগৰ অভিযানত অবৈধ কাঠফলা মিল আৰু গছৰ কুণ্ডা জব্দ                      

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগবতী, প্ৰথম খবৰ : গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটবৰ্তী চুটিপাৰা মোনাকোচাত যোৱানিশা কৃষ্ণাই আঞ্চলিক বনবিভাগ ,জিলা বন সংমণ্ডল বিষয়াৰ নেতৃত্বত চোৰাং কাঠ ব্যবসায়ীৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদ কৰে এটা অবৈধ কাঠফলা মিল ।ইয়াৰ উপৰিও ৭০ হেজাৰ টকা মূল্যৰ কাঠৰ লগতে গছৰ ক্ণ্ডা জব্দ কৰাৰ লগতে কাঠমিল টোৰ যন্ত্ৰপাতিও জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে দীৰ্ঘ দিনৰ পৰা একাংশ কাঠ ব্যবসায়ীয়ে অসম মেঘালয় সীমান্তকে ধৰি কৃষ্ণাইৰ বহু অঞ্চলতে বনাঞ্চল ধ্বংস কৰি অবৈধ ভাবে কাঠৰ ৰমৰমীয়া ব্যবসায় কৰি গৈছিল । বনবিভাগে এক গোপন তথ্যৰ ওপৰত ভিত্তি কৰিয়ে এই অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয়। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ নিকটবৰ্তী চুটিপাৰা মোনাকোচাত যোৱানিশা কৃষ্ণাই আঞ্চলিক বনবিভাগ ,জিলা বন সংমণ্ডল বিষয়াৰ নেতৃত্বত চোৰাং কাঠ ব্যবসায়ীৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদ কৰে এটা অবৈধ কাঠফলা মিল। ইয়াৰ উপৰিও ৭০ হেজাৰ টকা মূল্যৰ কাঠৰ লগতে গছৰ কুণ্ডা জব্দ কৰাৰ লগতে কাঠমিল টোৰ যন্ত্ৰপাতিও জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা একাংশ কাঠ ব্যবসায়ীয়ে অসম মেঘালয় সীমান্তকে ধৰি কৃষ্ণাইৰ বহু অঞ্চলতে বনাঞ্চল ধ্বংস কৰি অবৈধ ভাবে কাঠৰ ৰমৰমীয়া ব্যবসায় কৰি গৈছিল। বনবিভাগে এক গোপন তথ্যৰ ওপৰত ভিত্তি কৰিয়ে এই অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Close