Home / অসম / বন্ধ আৰু পথ-অৱৰোধ ৰোধৰ বিৰুদ্ধে প্ৰণয়ন হ’ব কঠোৰ আইন

বন্ধ আৰু পথ-অৱৰোধ ৰোধৰ বিৰুদ্ধে প্ৰণয়ন হ’ব কঠোৰ আইন

নিউজ ডেস্ক, প্ৰথম খবৰ: বিধান সভা আইন ৰূপায়ণ সমিতিৰ অধ্যক্ষ মৃণাল শইকীয়া, শীৰ্ষ আৰক্ষী বিষয়া, গড়কাপ্তানী বিষয়া, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিষয়া আৰু গৃহ বিভাগৰ বিষয়াৰ উপস্থিতিত বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত হয় বিধান সভা আইন ৰূপায়ণ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক৷

এই সভাত উক্ত সমিতিয়ে প্ৰতিবাদ কৰিবলৈ গৈ ৰাইজৰ অধিকাৰ খৰ্ব কৰাটো উচিত নহয় বুলি উল্লেখ কৰাৰ লগতে এচামৰ অধিকাৰৰ বাবে গৰিষ্ঠসংখ্যকৰ অধিকাৰ খৰ্ব কৰাটো সমীচিন নহয় বুলি মন্তব্য আগবঢ়ায়৷

ইয়াৰ লগতে পথ অৱৰোধ আৰু বন্ধ ৰোধ কৰিবলৈ আইন প্ৰণয়ণ কৰাৰ কথা উত্থাপন কৰি প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱাৰো কথা উত্থাপন কৰে উক্ত সমিতিৰ বিষয়-ববীয়াই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*