আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

বাধা আঁতৰিল! ২৪ জুনৰপৰা গাড়ী চলাব পাৰিব চৌদী মহিলাই

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: এতিয়াৰেপৰা চৌদি আৰৱৰ মহিলাই চলাব পাৰিব গাড়ী। ইতিমধ্যে দিনো নিৰ্ধাৰণ কৰি দিছে দেশখনৰ ডিপাৰ্টমেণ্ট অব্ ট্ৰেফিকে।

উল্লেখ্য যে বিগত বৰ্ষতেই দেশখনৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন চলমানে ঘোষণা কৰিছিল যে এই বছৰৰপৰা দেশখনত মহিলাক গাড়ী চলাবলৈ অনুমতি প্ৰদান কৰা হ’ব। এই পৰ্যন্ত চৌদী আৰৱেই একমাত্ৰ দেশ, য’ত মহিলাৰ গাড়ী চলাবলৈ অনুমতি নাই। কিন্তু ডিপাৰ্টমেণ্ট অব্ ট্ৰেফিকৰ মহানিৰ্দেশক মহম্মদ অল বছামীৰ ঘোষণাৰ পিছতে দেশখনৰ মহিলাসকল উচ্ছাসিত হৈ পৰিছে।

বছামীয়ে ঘোষণা কৰিছে যে অহা ২৪ জুনৰপৰা দেশখনত মহিলাক গাড়ী চলাবলৈ অনুমতি প্ৰদান কৰা হ’ব। এতিয়াৰেপৰা ১৮ বছৰতকৈ ওপৰৰ মহিলাই গাড়ী চলাবলৈ অনুজ্ঞাপত্ৰ বিচাৰিব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close