অসমসভা-সমিতি

বিজনীত আমছুৰ ৩৮ তম কেন্দ্ৰীয় শ্বহীদ দিৱস

বিজনীৰপৰা মাচুম চৌধুৰী,প্ৰথম খবৰ: চিৰাং জিলাৰ বিজনীত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠন অৰ্থাৎ আমছুৰ ৩৮ তম কেন্দ্ৰীয় শ্বহীদ দিবস পালন কৰা হয়। অনুস্থানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট মনজিত মহন্ত, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া,আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান,সভাপতি ৰেজাউল কৰিম চৰকাৰ, চিৰাং জিলাৰ বিদ্যালয় পৰিদৰ্শক,আমছুৰ প্ৰাক্তন নেতা আৰু বৰ্তমানৰ নেতৃবৃন্দ।

শ্বহীদ দিৱস উপলক্ষে এখন সভা আয়োজন কৰা হয় আৰু শ্বহীদ সকলোৰ পৰিয়ালবোৰক সম্বৰ্দ্ধনা জানোৱা হয়। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজনীৰপৰা ভাল ফলাফল কৰা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনোৱা হয়। এই সভাতেই বুদ্ধিজীৱী মনজিত মহন্তই অসমখন সৰ্বানন্দ সনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় বুলি মন্তব্য কৰি কয় যে অসমত কেৱল অসমীয়াৰ হে দপদপনি চলিব,কোনো হিন্দু বা মুছলমান বাংলাদেশীক অসমত আনিবলৈ দিয়া নহ’ব। আমছুৰ নেতৃবৃন্দইও ১৯৭১ চনৰ পিছৰ কোনো বিদেশীকে গ্ৰহণ কৰা নহ’ব বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close