অসম

বিজনীত ২২ বছৰৰ এক কৰ্মজীৱনৰ অন্ত

 

বিজনীৰপৰা মাচুম চৌধুৰী প্ৰথম খবৰ: চিৰাং জিলাৰ বিজনীত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে সদায়েই যুঁজ দি যোৱা এগৰাকী সমাজকৰ্মী তথা বিদ্যালয় কাৰ্য্যালয় সহায়ক আব্দুল ৰফিকৰ আজি কৰ্মজীৱনৰ অন্ত পৰে| উল্লেখ যে, তেখেতে ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ উন্নীতকৰণৰ ওপৰত সদায়েই গুৰুত্ব আৰোপ কৰি আহিছে| আব্দুল ৰফিক আৰু তেওঁৰ সতীৰ্থ সকলে বহু কষ্টৰ মাজেৰে ১৯৯৩ চনতে পুৰাণ বিজনী বাতেনীয়া হাই স্কুল নামৰ এখন বিদ্যালয় প্ৰতিষ্ঠিত কৰে আৰু ১৯৯৬ চনৰ পৰা তেওঁ সেইখন বিদ্যালয়তে কাৰ্য্যালয় সহায়ক হিচাপে কৰ্মজীৱনৰ আৰম্ভনি কৰে| বিদ্যালয়ত শিক্ষকৰ অভাৱ থকাৰ অৱস্থাত তেখেতে শিক্ষাদান কৰিও ছাত্ৰ ছাত্ৰী সকলক সহায় কৰিছিল| অৱশেষত ২০১৩ চনত বিদ্যালয় খন প্ৰাদেশিকৰণ হয়| অৱশেষত আজি দীৰ্ঘ দিনৰ ঘাট প্ৰতিঘাটৰ পিছত আব্দুল ৰফিকৰ কৰ্মজীৱনৰ অন্ত পৰে| অন্তিম ভাষনত তেখেতে অন্তিমবাৰৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে|

 

 

Related Articles

Leave a Reply

Close