অসমশীৰ্ষ

বিদেশত ভাৰতীয় অৰ্থব্যৱস্থাৰ অগ্ৰসৰতা

নিউজ ডেস্ক, প্ৰথম খবৰ: ভাৰতীয় অৰ্থব্যৱস্থা এতিয়া পূৰ্বতকৈ পৰিৱৰ্তন হৈছে। বিদেশত শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে ভাৰতীয় অৰ্থব্যৱস্থাই। প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমানৰ অৰ্থব্যৱস্থা ভৱিষ্যতে এক দশকৰ সকলোতকৈ উন্নত অৰ্থব্যৱস্থাৰূপে পৰিগণিত হ’ব। চীন আৰু আমেৰিকাক অতিক্ৰম কৰি আগন্তুক দিনত ভাৰতে এই উপলব্ধি লাভ কৰিব। সেই সময়ত আৰ্থিক বিকাশৰ হাৰ হ’ব ৭.৯ শতাংশ। হাৰ্ভাড বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফ’ৰ ইণ্টাৰনেচনেল ডেভ’লপমেণ্টৰ এক প্ৰতিবেদনত শেহতীয়াকৈ এই তথ্য প্ৰকাশ পাইছে। উক্ত প্ৰতিবেদনত ২০২৬ চনত চীনৰ অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰ ৪.৯ শতাংশ হোৱাৰ লগতে আমেৰিকাৰ বিকাশৰ হাৰ ৩ শতাংশ আৰু ফ্ৰান্সৰ বিকাশৰ হাৰ ৩.৫ শতাংশ হ’ব বুলিও উল্লেখ কৰা হৈছে। ভাৰতে কেমিকেল, বাহন, ইলেকট্ৰ’নিকচৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতে এই সাফল্য লাভ কৰিব। বিশ্ব বেংকৰ মতে, ভাৰতে বিদ্যুৎৰ ক্ষেত্ৰখনত ৮৫ শতাংশ বিজুলী যোগান ধৰি এক সুন্দৰ কাম কৰিছে। ২০১০ৰ পৰা ২০১৬ লৈকে ভাৰতে প্ৰতিবৰ্ষত তিনি কোটি ব্যক্তিক বিজুলী সংযোগ প্ৰদান কৰিছে। ইয়াৰ উপৰি চেন্নাইত জন্মলাভ কৰা ১৮ বছৰীয়া বিজয়কুমাৰ ৰাঘবীয়ে এ ষ্টাৰ টেলেণ্ট এৱাৰ্ড জিনিবলৈ সক্ষম হৈছে। তেওঁ ষ্টীম চেল প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ব্লাড চেম্পলৰ দ্বাৰা হাইপাৰট্ৰেফিক কাৰ্ডিয়’গ্ৰাফী নামৰ আনুবংশিক হৃদৰোগ চিনাক্ত কৰা প্ৰকল্পৰ বাবে এই সন্মান লাভ কৰিছে। ভাৰতীয় মূলৰ অধিবক্তা দীপা আম্বেদকাৰ নিউইয়ৰ্ক চিটীৰ চিভিল কোৰ্টত অন্তিম বিচাৰকৰূপে নিযুক্ত হৈছে। আনহাতে, নিশা অগ্ৰৱাল নিযুক্ত হৈছে নিউয়ৰ্ক মেয়ৰ কাৰ্যালয়ৰ উপদেষ্টাৰূপে। এনেদৰে ভাৰতীয়সকলে বিদেশত নিজৰ কাৰ্যৰদ্বাৰা ভাৰতীয় অৰ্থব্যৱস্থা চহকী কৰিছে।

Related Articles

Leave a Reply

Close