অসম

বিভিন্ন কাৰ্যসূচীৰে চাংসাৰিত শ্ৰমিক দিৱস পালন

পঙ্কজ নাথ, চাংসাৰি,প্ৰথম খবৰ: সমগ্ৰ ৰাজ্যতে ১মে’ৰ দিনা শ্ৰমিক দিৱস উদযাপন কৰাৰ সমান্তৰালকৈ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চাংসাৰিতো সেইদিনা শ্ৰমিক দিৱস পালন কৰা হয়। ১৯৮৬ চনত ৮ ঘণ্টা কামৰ দাবীত আমেৰিকাৰ চিকাগো চহৰত ধৰ্মঘটী শ্ৰমিকৰ আন্দোলনৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ আৰু সেই আন্দোলনত প্ৰাণ হেৰুওৱা শ্ৰমিকৰ স্মৃতিত ১৮৯০ চনৰ পৰা আজি ১২৮ বছৰে পৃথিৱীৰ চুকে-কোনে মে’ মাহৰ ১ তাৰিখে এই দিনটোক মে’ ও শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে। সেইবাবেই আজি ১ মে’ মঙ্গলবাৰে এআইটিইউচিৰ অধীনস্থ উত্তৰ কামৰূপ জিলা নিৰ্মাণ ও শিপিনী শ্ৰমিক সন্থা আৰু কামৰূপ জিলা অংগনবাড়ী সহায়িকা ইউনিয়নৰ সৌজন্যতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়

জালুকবাৰী সমষ্টিৰ চাংসাৰি হাইস্কুল খেলপথাৰৰ প্ৰাঙ্গনত তেওঁলোকে এই দিৱসটো পালন কৰে । বছৰৰ ৩৬৫ দিনৰ ভিতৰত মে’ দিৱসৰ দিনটোৱে শ্ৰমিক সকলৰ বাবে এক বিশেষ দিন যি দিনত তেওঁলোকে শ্বহীদ শ্ৰমিক সকলৰ স্মৃতিত আৰু তেওঁলোকৰ ন্যায্যৰ দাবীত বিশেষভাৱে ওলাই আহে। শ্ৰমিক সকলৰ বাবে এই বিশেষ দিনটোত উত্তৰ কামৰূপ জিলা শ্ৰমিক সন্হাৰ অন্তৰ্গত আটাইকেইটী শাখাৰ পৰা প্ৰায় পাঁচ শতাধিক নিৰ্মাণ শ্ৰমিক আৰু একত্ৰিত হৈ সেই দিনটো বৃহত্তৰ চাংসাৰিত বিভিন্ন কাৰ্যসূচীৰে পালন কৰে । ৰাতিপুৱাৰ পৰা আৰম্ভণি হোৱা মে’ দিৱস উদযাপন অনুষ্ঠানটোত ১০-৩০ মান বজাত অল আছাম কনছট্ৰাকচন ৱাকাৰ্চ ইউনিয়নৰ সাধাৰণ সম্পাদক ফণীধৰ দাসে পতাকা উত্তোলন কৰি মুল কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে তাৰোপৰি তেখেতে মূখ্য অতিথিৰ আসনো গ্ৰহণ কৰে। পতাকা উত্তোলন পৰ্বৰ সমাপ্তিৰ পিছতে সমূহ শ্ৰমিকে মিলি হাতে হাতে প্লে কাৰ্ড লৈ শ্ৰমিক দিৱস জিন্দাবাদ, শ্ৰমিকৰ সমস্যা দূৰ কৰক, শ্ৰমিক সকলক ন্যায় দিয়ক আদি নানা শ্লোগান দি চাংসাৰি হাইস্কুল খেলপথাৰৰ পৰা ধোপাতাৰী হৈ পুনৰ হাইস্কুল খেলপথাৰলৈ এক শোভাযাত্ৰা উলিয়াই আকাশ বতাহ কপাই তোলে।

শোভাযাত্ৰা অনুষ্ঠানৰ পিছতেই মুকলি সভাৰ আয়োজন কৰা হয়। মুকলি সভাত উপস্থিত থাকে কামৰূপ জিলা অংগনবাড়ী সহায়িকা ইউনিয়নৰ সভানেত্ৰী আশ্মিৰা বেগম লগতে দেৱশ্ৰী বড়ো, অপমইউৰ উত্তৰ গুৱাহাটী শাখাৰ সভাপতি ৰাভা ডাঙৰীয়া , পূৱ কামৰূপ জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ আঞ্চলিক সভাপতি উপেন ডেকাকে আদি কৰি ভালেকেইজন শ্ৰমিক নেতা। উত্তৰ কামৰূপ জিলা নিৰ্মাণ আৰু শিপিনী শ্ৰমিক সন্হাৰ সভাপতি ইনুজ হাজৰিকাই আজিৰ মুকলি সভা খনিৰো সভাপতিৰ আসন গ্ৰহণ কৰে। ইয়াৰ পিছত উত্তৰ কামৰূপ জিলা নিৰ্মাণ আৰু শিপিনী শ্ৰমিক সন্থাৰ সক্ৰিয় সদস্য বীৰেন ৰাজবংশীয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে লগতে উপস্থিত বিশেষ ব্যক্তি সকলৰ সম্বৰ্ধনাৰ আট ধৰে বাসুদেৱ কলিতাই।

ইয়াৰ পিছতে মূখ্য অতিথি ফণীধৰ দাসে সভাত সাৱলীল ভাষন ৰাখে। সভাত মূখ্য অতিথিৰ ভাষণ ৰাখি তেখেতে চৰকাৰক শ্ৰমিকৰ স্বাৰ্থৰ খাতিৰত চলিত শ্ৰমিক আইনখন সংশোধনী নকৰিবলৈ দাবী জনোৱাৰ উপৰিও ভবিষ্যতে শ্ৰমিক সকলৰ উন্নয়নৰ বাবে চৰকাৰৰ ওচৰত বিভিন্ন প্ৰস্তাৱ ও দাবী আগবঢ়াব বুলিও উপস্থিত শ্ৰমিক সকলক জানিবলৈ দিয়ে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনতকৈ বৰ্তমানৰ বিজেপি চৰকাৰখনে শ্ৰমিক সকলক শোষন আৰু বঞ্চনা কৰি আহিছে। চৰকাৰ খনে শ্ৰমিক সকলক শোষণ কৰি মালিক শ্ৰেণীক সন্তুষ্ট কৰি ৰাখি অকল ৰাজহ সংগ্ৰহৰ বাবেহে তৎপৰ হৈ আছে আৰু শ্ৰমিক সকলক সকলো ফালৰ পৰাই বঞ্চনা কৰি আহিছে। ইয়াৰ বাবে সকলো শ্ৰমিক ভাই বন্ধুকে একত্ৰিত হৈ মিলিজুলি শ্ৰমিক সকলৰ অধিকাৰৰ বাবে মাত মাতিব লাগিব বুলিও মূখ্য অতিথি গৰাকীয়ে ভাষন প্ৰদান কৰে। তাৰোপৰি শ্ৰমিক সকলক ভৱিষ্যতলৈ অন্তত মে’ দিৱসৰ দিনটোত সকলো শ্ৰমিক একত্ৰিত হৈ তেওলোকৰ অধিকাৰৰ বাবে চৰকাৰৰ ওচৰত মাত মাতিবলৈ লগতে শ্বহীদ শ্ৰমিক সকলৰ স্মৃতি ৰোমন্থন কৰিবলৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰে ।

ইয়াৰ পিছতে উক্ত সভাৰ সভাপতি ইনুছ হাজৰিকাই সকলো শ্ৰমিককে একত্ৰিত হৈ তেওঁলোকৰ প্ৰাপ্যৰ বাবে সংগ্ৰাম কৰি যাবলৈ আহ্বান জনাই নিজৰ ভাষণ ও সভাপতিৰ মন্তব্য প্ৰদান কৰি প্ৰায় ২ মান বজাত মে’ দিৱস উদযাপন অনুষ্ঠানটিৰ পৰিসমাপ্তি ঘটায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close