সভা-সমিতি

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ গুৱাহাটীত সদৌ অসম ভিত্তিত প্ৰাইজমানী ৰচনা, শ্ল’গান , পোষ্টাৰ লিখা প্ৰতিযোগিতাৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতি (নেপা) উদ্যোগত উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগত ৫ জুন মঙ্গলবাৰে বিশ্ব পৰিৱেশ দিৱস পালনৰ আয়োজন কৰা হৈছে ৷ সেইদিনা ৰাতিপুৱা ১০ বজাৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি সেইদিনা এখনি আলোচনা চক্ৰ অনুষ্ঠিত হ’ব৷ এই আলোচনা চক্ৰখনিত পৰিৱেশ বিশেষজ্ঞ আই আই টি গুৱাহাটীৰ অধ্যাপক চন্দন মহন্ততকে ধৰি বহু কেইজন বিশেষজ্ঞ উপস্থিত থকাৰ লগতে চিলা বনাঞ্চলিক বিষয়া ৰবিন বৈশ্যৰ উপৰিও অন্য ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উক্ত দিনাই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তথ্যচিত্ৰ প্ৰদৰ্শনী আৰু সদৌ অসম ভিত্তিত ৰচনা, শ্ল’গান, পোষ্টাৰ লিখা প্ৰতিযোগীতাৰো উদ্যোক্তা সমিতিয়ে আয়োজন কৰিছে। তাৰবাবে ইচ্ছুক প্ৰতিযোগী সকলক নেপাৰ উপসভাপতি জ্যোতি প্ৰসাদ তামূলী, সম্পাদক মুকুটেশ্বৰ গোস্বামী আৰু দিলীপ বৰাৰ লগত ৭০০২২০৬৭৮০, ৯৫০৮৭০২১৮৮ ৭০০২৬৪৯০৩৭ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছে অনুষ্ঠানৰ আয়োজক সমিতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close