অসমশীৰ্ষ

বেংকৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা

 

নিউজ ডেস্ক, প্ৰথম খবৰ: বেংকত একাউণ্ট থকাসকলৰ বাবে সুখবৰ। কিয়নো, এতিয়াৰেপৰা
বেংকৰ প্ৰতিজন গ্ৰাহকে পাব কিছু বিশেষ সুবিধা। আৰবিআইৰ দ্বাৰা গঠিত বেংকিং কোডচ্ এণ্ড ষ্টেণ্ডাৰ্চ বোৰ্ড অৱ ইণ্ডিয়াই এই কথা ঘোষণা কৰিছে। যাৰ অধীনত গ্ৰাহকে লাভ কৰিব দহ প্ৰকাৰৰ সুবিধা। দৰাচলতে, বেংকত একাউণ্ট খোলাৰ ক্ষেত্ৰত প্ৰত্যেক ব্যক্তিৰ এক বিশেষ অধিকাৰ আছে। কিন্তু যাৰ বিষয়ে প্ৰায়ভাগ গ্ৰাহক অৱগত নহয়। বেংকত প্ৰত্যেক ব্যক্তিয়ে বেছিক একাউণ্ট খোলাৰ সুবিধা পায়। বেংকৰ ফৰ্ম পূৰণ কৰি লগত এখন ফটো দিলেই অতি সহজে এই একাউণ্ট খুলিব পাৰি। অৱশ্যে এই একাউণ্টত লেনদেনৰ এটা সীমা থাকে। প্ৰথম অৱস্থাত গ্ৰাহকে বেংকত যেতিয়া এটা একাউণ্ট খোলে সেই সময়ত বেংকে গ্ৰাহকক কিছু তথ্য জনাব লাগে। যদি কোনো বেংকে তেনেকুৱা নকৰে তেন্তে সেই বিষয়ে গ্ৰাহকে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিব পাৰে। বেছিক একাউণ্টত যদি বেলেন্স শূন্যও হৈ যায় তেনে ক্ষেত্ৰতো বেংকে কিন্তু সেই একাউণ্ট বন্ধ কৰিব নোৱাৰে। লগতে ইয়াত কোনো জৰিমনাও নহয়। বেংকে গ্ৰাহকৰ বন্ধ হৈ থকা একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ বাবে কোনোধৰণৰ ফীজ ল’ব নোৱাৰে। ইয়াৰ উপৰি যিকোনো বেংকৰ শাখাত গ্ৰাহকে ফটা অথবা পুৰণি নোট জমা দিব পাৰে। বেংকৰ সেৱাত যদি গ্ৰাহক সন্তুষ্ট নহয় তেন্তে তেনে বেংকৰ বিৰুদ্ধে নিজৰ অসন্তুষ্টি ব্যক্ত কৰিব পাৰে। বয়সীয়াল তথা বিকলাংগসকলক এক বিশেষ ঠাইত সকলো সুবিধা দিয়াৰ বাবে বেংক দায়বদ্ধ। কোনো ব্যক্তিয়ে যিকোনো বেংকৰপৰা নেশ্বনেল ইলেকট্ৰ’নিক ফাণ্ডচ্ ট্ৰান্সফাৰৰ জৰিয়তে ৫০,০০০ টকালৈকে অন্য কোনো বেংকত জমা থব পাৰিব। চেক সংগ্ৰহৰ ক্ষেত্ৰত বেংকৰ নিৰ্ধাৰিত সময়তকৈ যদি বেছি সময়ৰ প্ৰয়োজন হয় তেন্তে গ্ৰাহকে বেংকৰপৰা জৰিমনা পাব পাৰে। এইবোৰৰ উপৰি যদি গ্ৰাহকে বেংকৰপৰা লোন লয় তেন্তে তাত যি ছিকিউৰিটী ডিপ’জিট জমা দিয়া হয় সেই টকা ১৫ দিনৰ ভিতৰত ঘূৰাই দিয়াটো জৰুৰী।

Related Articles

Leave a Reply

Close