অসমশীৰ্ষ

ব্ৰহ্মপুত্ৰত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ ।

প্ৰথম খবৰ, চেঙা: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানা তথা চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বান্দালীত  ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈ থকা ছাত্ৰ এজনৰ মৃতদেহ আজি ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে। দেওবাৰৰ পৰা সন্ধানহীন আছিল ডিলিজেন্ট  একাডেমিৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ কুতুবুল আলম (৮)।  ঘটনাস্থলীত উপস্থিত হৈ তাৰাবাৰী আৰক্ষীৰ লগতে SDRF বাহিনীয়ে ছাত্ৰজনক উদ্ধাৰৰ বাবে চেষ্টা চলাইছিল  যদিও  কোনো সন্ধান উলিয়াব পৰা নাছিল ।আজি ছাত্ৰজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close