অসমশীৰ্ষ

বৰপেটাৰােডত ৰেলৱে উৰণীয়া সেতু , ভেকুৱাম ব্রেকৰ আৱিষ্কাৰক কর্ণেল গুৰুপ্রসাদ দাসৰ নামত নামকৰণৰ দাবী সাহিত্য সভাৰ

প্ৰথম খবৰ, বৰপেটা ৰোড :
কেন্দ্রীয় ডনাৰ মন্ত্ৰালয়ৰ অর্থ সাহায্যৰে নিৰ্মাণ হ’বলগীয়া বৰপেটাৰােডৰ ৰেলৱে উৰণীয়া সেতুখনৰ নামকৰণ ৰেলৰ ভেকুৱাম ব্রেকৰ আৱিষ্কাৰক তথা বৰপেটাৰ সু-সন্তান কর্নেল গুৰুপ্রসাদ দাসৰ নামত উৎসর্গ কৰাৰ বাবে বৰপেটাৰােড সাহিত্য সভাই দাবী কৰিছে। বৰপেটাৰােড সাহিত্য সভাই এই সন্দৰ্ভত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাললৈ এখন স্মাৰক পত্ৰ প্রেৰণ কৰাৰ লগতে ইয়াৰ প্রতিলিপি উত্তৰ-পূব সীমান্ত ৰেলৰ মহাপ্রৱন্ধকলৈও প্ৰেৰণ কৰিছে। উল্লেখ্য যে উৰণীয়া ৰে’ল সেতুৰ বাৰে বৰপেটাৰােড়বাসীৰ যি দীৰ্ঘদিনীয়া দাবী তাৰ প্রতি সহাঁৰি জনাই ৰেল সেতুখন নির্মাণ কার্যৰ বাবে কেন্দ্রীয় মন্ত্ৰালয়ৰ দ্বাৰা যােৱা বছৰৰ অক্টোবৰ মাহত ৩৪ কোটি ১৬ লাখ ২৭ হেজাৰ টকাৰ বিত্তীয় অনুমােদন জনাইছিল। কেন্দ্রীয় চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ে প্রকল্পটোৰ বাবে ধার্য কৰা ৯০ শতাংশ ধনৰ উপৰি প্রকল্পটোৰ বাবে দহ শতাংশ ধন ৰাজ্য চৰকাৰে ব্যয় কৰিব।
উল্লেখ্য, বৰপেটাৰােড আৰু উত্তৰ বৰপেটাৰােডক সংযােগ কৰাৰ বাবে তথা বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানক পােনপােটিয়াকৈ সংযােগ কৰাৰ বাবে বৰপেটাৰােড চহৰৰ মাজেৰে যােৱা ৰেল লাইনৰ ওপৰত ৰেলৱে উৰণীয়া সেতু, এখন নিৰ্মাণৰ দাবী দীর্ঘদিনীয়া। যাৰ বাবে বৰ্তমানৰ বিধায়ক ৰঞ্জিৎ কুমাৰ দাসে দীর্ঘদিনে চেষ্টা অব্যাহত ৰাখিছিল। এনে প্রচেষ্টাৰ বাবেই এই প্রকল্পটো বাস্তৱিত হৈ উঠে আৰু সেই অনুসৰি চলিত মে মাহৰ ভিতৰতে বৰপেটাৰােডত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ,কেন্দ্রীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁই, গড়কাপ্টানী মন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু বিধায়ক ৰনজিৎ কুমাৰ দাসৰ উপস্থিতিত এই উৰণীয়া ৰে’ল সেতুৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব। কিন্তু এনে সময়তে উৰণীয়া ৰে’ল সেতুখনৰ নামকৰণৰ প্ৰসংগটো আহি পৰিছে। সেয়ে এইক্ষেত বৰপেটাৰােড সাহিত্য সভাই আগবাঢ়ি আহিছে। সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ যুক্তি যে ৰেলগাড়ীৰ ভেকুৱাম ব্রেকৰ আবিষ্কাৰ কৰি বৰপেটাৰ সু -সন্তান কর্ণেল গুৰুপ্রসাদ দাসে বৰপেটা তথা অসমৰ সুনাম কঢ়িয়াই আনি বৰপেটাৰাসীক গৌৰৱান্বিত কৰিছিল । তেনে পৰিস্থিতিত তেওঁৰ প্রতি সম্মান জনাবলৈ বৰপেটা জিলাবাসীয়ে বিশেষ সুযােগ পােৱা নাছিল। সেয়ে এতিয়া বৰপেটাৰােবাসীৰ দীর্ঘদিনীয়া দাবীৰ পিচত যিহেতু চহৰখনত উৰণীয়া ৰে’ল সেতু নির্মাণ হ’ব আৰু ইয়ে বৰপেটা তথা বৰপেটাৰোডৰ উত্তৰাঞ্চলৰ উপৰি পৃথিৱী বিখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানক সংযােগ কৰিব তেনেক্ষেত্ৰত সকলাে দেশী-বিদেশী পর্যটক তথা পৰিভ্ৰমনকাৰীয়ে উৰণীয়া ৰে’ল সেতুখনৰ নামকৰণ কর্ণেল গুৰুপ্রসাদ দাসৰ নামত থাকিলে তেওঁৰ বিষয়ে অধিক জানিবলৈ সক্ষম হ’ব। সেই যুক্তিৰ আধাৰতে বৰপেটাৰােড সাহিত্য সভাৰ সভাপতি হিতেশ দাস ,সম্পাদক কুলেন চৌধুৰীৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্র যােগে মুখ্যমন্ত্রী সােণােৱালক অচিৰেই নিৰ্মাণৰ শুভাৰম্ভ হ’বলগা উৰণীয়া ৰে’ল সেতুখন কর্ণেল গুৰুপ্রসাদ দাসৰ নামত উৎসগা কৰাৰ লগতে তেওঁৰ এটি প্রতিমূর্তি বৰপেটাৰােড ৰেল ষ্টেচন পৰিসৰৰ ভিতৰতাে নির্মাণ দাবী তােলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close