অসম

বৰপেটাৰোডত চিপিআই(এম)ৰ জোঁৰ সমদল

প্ৰথম খবৰ,বৰপেটাৰোড:নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি সন্ধিয়া চিপিআই(এম)ৰ বৰপেটাৰোড লোকেল কমিটিয়ে চহৰখনত জোঁৰ লৈ এক সমদল উলিয়ায় ৷ তেওঁলোকে হাতে হাতে জোঁৰ লৈ চৰকাৰৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি কয়,হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবেই সংশোধনী বিধেয়ক সংসদত গৃহীত কৰি অসমৰ ৰাইজক বিদেশী জাপি দিয়াৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে তাক চিপিআই(এম)য়ে কোনো কাৰণত সহ্য নকৰে আৰু ৰাইজক লৈ সংগ্ৰাম কৰি যাব। সম্প্ৰতি বিজেপিয়ে দেশক নানা প্ৰলোভনেৰে আভুৱাঁভাৰি আছে। নৰেন্দ্ৰ মোডী প্ৰতিশ্ৰুতি হে দিয়ে,তাক পূৰণ নকৰে বুলিও দোহাৰি পুণৰ তেওঁলোকে কয়-এতিয়া কিন্তু ৰাইজ সজাগ হৈছে। অসমত এতিয়া চৌদিশে ৰাইজ ওলাই আহিছে বিজেপিৰ চৰিত্ৰ উপলব্ধি কৰি। সেয়ে অসমীয়া আৰু বঙালীৰ মাজত বিভেদৰ সৃষ্টি কৰি যি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আনিব বিচাৰিছে তাক যদি অনতি পলমে বাতিল নকৰে তেন্তে ইয়াতকৈও ভয়াবহ সংগ্ৰাম চলাই যাব বুলি হুংকাৰ দিয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close