Home / অসম / “ভিয়েটনাম যাব নালাগে, পাঞ্জাবলৈ গলে বহুত সুফল পাব” তৰুণ গগৈ

“ভিয়েটনাম যাব নালাগে, পাঞ্জাবলৈ গলে বহুত সুফল পাব” তৰুণ গগৈ

নিউজ ডেস্ক, প্ৰথম খবৰ: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ভিয়েটনাম যাত্ৰাক তীব্ৰ ভাষাৰে কৰ্কথনা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।গগৈয়ে কয় যে চাৰ্টাৰ বিমানত বিদেশলৈ যাত্ৰা কৰা তেওঁ প্ৰথম মুখ্যমন্ত্ৰী। ৰাজভঁৰালৰ ধন অপব্যয় কৰি  ধান খেতি চাবলৈ ভিয়েটনাম যোৱাৰ কোনো প্ৰয়োজন নাই তাতোকৈ আমাৰ পাঞ্জাৱ বহু ওপৰত বুলি গগৈয়ে মন্তৱ কৰে। ভিয়েটনামত ধান খেতিৰ লগতে অন্যান্য কৃষি প্ৰণালীৰ বুজ লবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বহু কেইজন বিষয়া আৰু খেতিয়কক লগত লৈ বিশেষ চাৰ্টাৰ বিমানৰে যাত্ৰা কৰে ভিয়েটনামলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*