শেহতীয়া
Home / অসম / মংগলদৈত সহস্ৰাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ প্ৰতিবাদী সমদল,জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

মংগলদৈত সহস্ৰাধিক কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ প্ৰতিবাদী সমদল,জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যখনত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী৷ সম্প্ৰতি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৱে ৰাজ্যখনত তোল-পাৰ লগাই আছে৷ ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনকে ধৰি সৰ্বস্তৰৰ ৰাইজে বিধেয়কখনৰ বিৰোধিতাৰে অহৰহ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ সময়তে আজি দৰং জিলাৰ মংগলদৈত কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দলটোৰ দৰঙৰ বিভিন্ন মণ্ডল কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত আজি দিনৰ ১২ বজাত মংগলদৈ চহৰৰ মাজেৰে বৃহৎ প্ৰতিবাদী সমদল কৰি কাৰ্যসূচী ৰূপায়নেৰে বিধেয়কখনৰ বিৰোধিতাৰে দৰঙৰ উপায়ুক্তৰ ওচৰত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। দলটোৰ সহস্ৰাধিক নেতা-কৰ্মী-সমৰ্থকে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি হুঁচিয়াৰ,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক,হিন্দু বাংলাদেশী গ’ বেক, কংগ্ৰেছ জিন্দাবাদ , ধ্বনিৰে মংগলদৈ ৰাজ পথ উত্তাল কৰি টোলে। সমদল কৰি দৰঙৰ উপায়ুক্ত কাৰ্যলয়ত গৈ স্মাৰক-পত্ৰ প্ৰদান কৰে৷ স্মাৰক-পত্ৰৰ জৰিয়তে দলটোৱে বিধেয়কখনে অসমৰ যথেষ্ট ক্ষতি কৰিব বুলি উল্লেখ কৰি ইয়াক বাতিল কৰিবলৈ দাবী উত্থাপন কৰে৷প্ৰতিবাদী কাৰ্যসূচীত দৰং কংগ্ৰেছৰ সভাপতি সম্পাদক ৰ লগতে নেতা কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*