শেহতীয়া
Home / অসম / মঙ্গলদৈত যুৱতী অপহৰণৰ অপচেষ্টা

মঙ্গলদৈত যুৱতী অপহৰণৰ অপচেষ্টা

প্ৰথম খবৰ,মংগলদৈ /দেওমৰনৈ:দৰং জিলাৰ মঙ্গলদৈ আউলাচৌকাৰপৰা মঙ্গলদৈ প্ৰফুল্ল নগৰৰ দীপাঞ্জলি বৈশ্য নামৰ যুৱতী গৰাকীক ফুচুলাই মাতি আনি অপহৰণ কৰিব লওঁতেই মঙ্গলদৈ আৰক্ষীয়ে হাতে লোতে গ্ৰেপ্তাৰ কৰে মানৱ তালুকদাৰ ওৰফে মুনু আৰু জয়ন্ত পাটগিৰিক। দুয়োৰে ঘৰ নলবাৰীৰ ক্ষুদ্ৰ কাটাত। প্ৰাথমিক পয্যায়ত তদন্তত আৰক্ষীয়ে নাৰী  সৰ্বৰাহকাৰী বুলি সন্দেহ। মাতৃৰ অসুস্থতাৰ কাৰণে ছ’চিয়েল মিডিয়াত যুৱতীগৰাকীয়ে সহায় বিচাৰিছিল আৰু তাৰেই সুযোগ লৈ ধৃত দুই যুৱকে ধন দি সহায় কৰাৰ প্ৰলোভন দি অপহৰণ চেষ্টা কৰিছিল যুৱতীগৰাকীক। প্ৰথমে যুৱক কেইজনে জুবিন গাৰ্গৰ PA বুলি  পৰিচয় দিছিল। তাৰ পিছত নলবাৰীৰ মা মহাকালী নলবাৰীৰ বাবাৰ PA বুলি পৰিচয় দিছিল যুৱক দুজনে। সম্পূৰ্ণ ঘটনাৰ বিষয়ে যুৱতীগৰাকীয়ে আৰক্ষীক অৱগত কৰিছিল। বৰ্তমান যুৱক দুগৰাকী আৰক্ষী থানাত সোধাপোচা কৰি আছে । এনে ঘটনাক দৰং জিলা ছাত্ৰ সন্থা আৰু বিভিন্ন লোকে ধিক্কাৰ দিছে আৰু আৰক্ষীক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*