অসমগুৱাহাটী

মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী ডাম্পাৰে মহটিয়ালে স্কুটী আৰোহীক

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে পুৱা মহানগৰীৰ খানাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা হয়। এখন দ্ৰুতবেগী ডাম্পাৰে এজন স্কুটী আৰোহীক মহটিয়াই লৈ যোৱাৰ ফলত স্কুটী আৰোহীজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত আহত হোৱা আৰোহী লোকজনক ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। আনহাতে, আহত লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও জি এন আৰ চিত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। নিহত স্কুটী আৰোহীজন মুকুল হুছেইন বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ পিছতে ডাম্পাৰখন দপদপকৈ জ্বলি উঠে আৰু অগ্নিকাণ্ডত ডাম্পাৰখনৰ লগতে স্কুটীখনো ভস্মীভূত হোৱা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close