অসম

মাণ্ডাকাটাত বনবিভাগৰ দ্বাৰা জেচিবি ডাম্পাৰ জব্দ

পঙ্কজ নাথ, চাংসাৰি, প্ৰথম খবৰ: উত্তৰ কামৰূপ বন সংমণ্ডলৰ বিভিন্ন ঠাইত বৰ্তমান সময়ত জেচিবি ডাম্পাৰেৰে খেতিপথাৰ আদিত কিছু স্বাৰ্থলোভী ব্যক্তিয়ে অবৈধভাৱে মাটি কাটি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ সময়তে আজি চিলা বনবিভাগে অবৈধ কাৰ্যকলাপত লিপ্ত অৱস্থাত জেচিবি আৰু ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়। আজি দিনৰ ২ মান বজাত এক বিশ্বস্ত সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত তাৰ পম খেদি চিলা বনাঞ্চলিক বিষয়া ৰবিন বৈশ্যৰ নেতৃত্বত এটি বন বিষয়া আৰু কৰ্মচাৰীৰ দলে বেজেৰাৰ সমীপৱৰ্তী মাণ্ডকাটা আৰু কুমনগৰত উপস্থিত হৈ তাত অবৈধভাৱে জে চি বি আৰু ট্ৰেক্টৰেৰে মাটি কাটি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ সময়ত বন নীতি উলংঘাৰ অপৰাধত জে চি বি আৰু ট্ৰেক্টৰ দুখন জব্দ কৰে।

বন বিষয়া আৰু কৰ্মচাৰীৰ দলটোৱে জব্দকৃত গাড়ী কেইখন চিলা বনাঞ্চলিক কাৰ্যালয়ত লৈ আহি তাৰ ওপৰত যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি বনাঞ্চলিক বিষয়া ৰবিন বৈশ্যই জনাইছে। বনাঞ্চলিক বিষয়া গৰাকীৰ আজিৰ এই কাৰ্য্যত প্ৰকৃতি প্ৰেমীয়ে শলাগ লৈ অনাগত সময়ত তেওঁৰ এলাকাধীন বিভিন্ন অঞ্চলত চলি থকা খেতি পথাৰ, পাহাৰ আদিৰ অবৈধ খনন কাৰ্য ৰোধ কৰিবলৈ সচেতন মহল তথা প্ৰকৃতিপ্ৰেমী ৰাইজে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close