অসমশীৰ্ষ

মাৰ্ঘেৰিটাত উগ্ৰপন্থী বিৰোধী অভিযান ৩ জন এন এচ চি এন (কে) লিংকমেন আটক

 

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, প্ৰথম খবৰ :
তিনিচুকীয়া জিলাৰ মাৰ্ধেৰিটা মহকুমাত দিন প্ৰতিদিনে বৃদ্ধি পাইছে এন এচ চি এন আলফা কে ধৰি বিভিন্ন উগ্ৰপন্থী সংগঠনৰ তৎপৰতা ।

বিভিন্ন ব্যৱসায়ী চাহ খেতিয়কক ধন দাবীৰ অভিযোগ উঠাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী – অৰ্ধ – সামৰিক বাহিনীয়ে উগ্ৰপন্থী বিৰোধী অভিযান বিভিন্ন স্থানত তীব্ৰতৰ কৰি তুলিছে ।

 

 

 

 

আজি ১৩নং আসাম ৰাইফলচে লিডুৰ মালো পাহাৰত অভিযান চলাই এন এচ চি এন কেৰ কামাই হাখুন কুমচেং হাখুন আৰু নুকচেম বঙতাই নামৰ তিনিজন লিংকমেনক আটক কৰি আৰক্ষীক গটাই দিয়ে ।
ধৃত সদস্য কেইজনৰ পৰা  এটা মোবাইল ফোন এটাকৈ 4IED DETANETOR আৰু 1IED CONTROLLER জব্দ কৰিছে ।

পাটকাই পাহাৰত অৱস্থিত মালো গাৱঁত বাহৰ পাতি ধৃত সদস্য জনে ধন দাবী আৰু সংগ্ৰহ কৰি অহা বুলিহ অভিযোগ কৰিছে আসাম ৰাইফলচে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close