অসমবিনোদন

মাৰ্ঘেৰিটাত সাংস্কৃতিক শোভাযাত্ৰাত অভিনেত্ৰী বৰষাৰাণী বিষয়া

মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ,প্ৰথম খবৰ:  মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ  উদ্যোগত আজিৰে পৰা মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ প্ৰাঙ্গনত  তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বহাগী উৎসৱ  । উজনি অসমৰ ভিতৰতে এখন শ্ৰেষ্ঠতম বিহু সন্মিলন হিচাপে পৰিচিত প্ৰায় ৫০ লক্ষাধিক টকা বাজেটৰ বিহ সন্মিলন খনিৰ আজি প্ৰথম দিনা  অনুষ্ঠান স্থলীৰ পৰা ওলোৱা হয় মাৰ্ঘেৰিটাৰ  ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে বিশাল সাংস্কৃতিক শোভাযাত্ৰা । সন্মুখত হাতী লৈ ওলোৱা শোভাযাত্ৰাটিত বিহু হুচৰি,গায়ন বায়নৰ লগতে চিংফৌ আদিবাসী হাজং ,মিচিং ,ভোজপুৰী, নেপালী ,বংগভাষী, চেমা, টাংচা, টাইফাকে, দেউৰী ,বড়ো, মিচিং,  ইছলামধৰ্মী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ প্ৰায় তিনি কুৰিৰো অধিক  সাংস্কৃতিক দলৰ লগতে কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰি সমন্বয়ৰ অসমখনক প্ৰতিফলিত কৰে । শিৱসাগৰৰ ছোৱালী হুচৰি দল কামৰূপীয়া ঢোলীয়া চাৰ্কাচে শোভাযাত্ৰাটিৰ অনন্য মাত্ৰা প্ৰদান কৰে । শোভাযাত্ৰাটি অসমীয়া বোলছবিৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু অসম চৰকাৰৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁৱৰৰ উপস্থিতিত  আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে  স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই । প্ৰায় আঠ কিলোমিটাৰ পথ সামৰি পৰিভ্ৰমণ কৰা শোভাযাত্ৰাটি উপভোগ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত আছিল কেইবা হাজাৰ লোক। অন্যহাতে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সভাপতি তথা মহকুমাধিপতি সুমিত সত্তাৱনে । স্মৃতি তৰ্পণ কৰে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰৱন্ধক যুগল কুমাৰ বৰাই ।আকৰ্ষণীয় পুৰস্কাৰ নগদ ধনৰ পুৰস্কাৰৰে হুচৰি বৰবিহুৱতী বিহুৱতী আদি প্ৰতিযোগিতা অনুষ্ঠিত হব লগীয়া সন্মিলন খনৰ সাংস্কৃতিক সন্ধিয়াত আচুৰ্য বৰপাত্ৰ গোঁহাই,প্ৰিয়ংকা ভৰালীৰ লগতে বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ চানুৱে সংগীত পৰিবেশন কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close