অসম

মুখ্যমন্ত্ৰী প্ৰতিক্রিয়াশীল চক্রৰ প্ৰৰোচনাত পৰি মৌনব্ৰত পালন কৰিছে: আটাছু

প্ৰথম খবৰ, নামতি: নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত নামতিত নিশা প্রতিবাদী জোৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা তথা প্রস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসীৰ লগতে শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতিবাসী ৰাইজে দেওবাৰে নিশা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ সহযোগত উত্তাল প্রতিবাদ আৰু জোৰ সমদল উলিয়াই৷

অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, সমাজকৰ্মীৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা উপস্থিত থকা উক্ত প্রতিবাদী কার্যসূচীৰ পূৰ্বে প্রায় পাঁচ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সন্ধিয়া নামতি ধেপৰ তিনি আলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ভাৰত চৰকাৰে জাতিধ্বংসী, নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্রৱর্ত্তন কৰিবলৈ লোৱা আৰু ১৯৭১ চনৰ মাৰ্চ মাহৰ পিছত অহা হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচৰা কাৰ্যক তীব্ৰ বিৰোধীতা কৰে উক্ত সংগঠনটোৱে৷

এই সভাত উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি সংকট নামি অহাৰ কথা উল্লেখ কৰি ইয়ে সাম্প্ৰদায়িক সংঘাতৰো সৃষ্টি কৰাৰ কথা উল্লেখ কৰে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ নেতাসকলে৷ ইয়াৰ পিছত প্রতিবাদী সভাত অংশ গ্রহণ কৰা বিশিষ্ট ব্যক্তিসকলে যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰো সংকল্প গ্ৰহণ কৰে৷

ইফালে, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্রিয়াশীল চক্রৰ প্ৰৰোচনত পৰি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ক্ষেত্ৰত মৌনব্ৰত পালন কৰি আহিছে বুলিও কয় আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি বসন্ত গগৈয়ে৷ বিজেপি চৰকাৰখনে যদি চোৰাং ভাৱে অবৈধ বাংলাদেশীক অসমত সংস্থাপন দিয়ে অসম জ্বলিব বুলি কোৱাৰ লগতে সভাৰ পিছত উপস্থিত সহস্ৰাধিক ৰাইজে হাতে হাতে জোৰ লৈ এক বিশাল প্রতিবাদী সমদল উলিয়াই জয় আই অসম, আহ অই আহ ওলাই আহ, খেদ অই খেদ বাংলাদেশী খেদ, এই জুই জ্বলিছে জ্বলিবই আদি শ্লোগানেৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ বিৰোধীতা কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close