সম্পাদকীয়

মেট্ৰিকত চাহ জনগোষ্ঠীৰ দুখ 

বিগত বৰ্ষতকৈ প্ৰায় ৮.১ শতাংশ বৃদ্ধিৰে মেট্ৰিকৰ ফলাফল ওলাল। মহানগৰীৰ তুলনাত আপেক্ষিকভাৱে এইবাৰ মফচলীয় অঞ্চলৰ ফলাফল আশাপ্ৰদ। বানে ধোৱা ধেমাজিয়ে জিলা হিচাপে শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৮০% উত্তীৰ্ণৰে জিলাখনে অক্ষুণ্ণ ৰাখিছে বিগত বছৰটোৰ সফলতাৰ ধাৰা। ইমানলৈ থিকেই আছে। কিন্তু আমি যদি শ্ৰেণী ভিত্তিক বিশ্লেষণলৈ যাওঁ তেন্তে এটা কথাই আমাক সঁচাকৈয়ে চিন্তাত পেলায়। সেয়া হৈছে চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীৰ ফলাফল। উদ্বেগজনকভাৱে এইবাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ২৭.৫৬ শতাংশ। এইবাৰ সৰ্বমূঠ ১৪,৭৮০ গৰাকী চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও ৪,০৭৪ গৰাকীয়ে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। শতাংশৰ হিচাপত ক’বলৈ গ’লে ২৭.৫৬। এতিয়া যদি আমি প্ৰথম বিভাগ,দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগ প্ৰাপকৰ সংখ্যাবোৰ হৈছে ক্ৰমান্বয়ে ৩৩৬, ১৫৩৯ আৰু ২১৯৯। প্ৰায় ১৫ হাজাৰ পৰীক্ষাৰ্থীৰ মাজত মাত্ৰ ৩৩৬ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাটো বা মাত্ৰ ৪ হাজাৰে উত্তীৰ্ণ হোৱাটো উদ্বেগজনক নহয়নে? সঁচাকৈ চাহ জনগোষ্ঠীটোৰ বাবে অশনি সংকেট নহয়নে? অনগ্ৰসৰ জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে অসমৰ চৰকাৰখনৰ নিতান্তই কৰণীয় বহুত আছে। সমান্তৰালভাৱে চাহ জনগোষ্ঠীয় নেতাসকলেও এই বিষয়ে ভাবিব লাগে। চাহ জনগোষ্ঠীটো এনেদৰে অনগ্ৰসৰতাৰ কবলত থাকিলে সামগ্ৰিকভাৱে ৰাজ্যখনৰেই লোকচান। আজি মেট্ৰিকৰ ফলাফলে পুনৰ এবাৰ দেখুৱাই দিলে, কেনেদৰে এই শ্ৰেণীটো বঞ্চিত আহিছে মানসম্পন্ন শিক্ষাৰ পৰা। এতিয়া চৰকাৰৰ লগে লগে বিভিন্ন সংগঠনে জনগোষ্ঠীটোৰ বাবে কিবা এটা কৰিবলৈ ওলাই আহক। এয়া অতি প্ৰয়োজনীয়। কৃতিত্বৰ অধিকাৰী ছাত্ৰ-ছাত্ৰীক গামোছাৰে সন্মানিত কৰাতকৈও এওঁলোকৰ সমস্যা সমাধান কৰাটো অতি বেছি জৰুৰী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close