শেহতীয়া
Home / শীৰ্ষ / মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ প্ৰাকক্ষণত অঘটন, অনুপ্ৰৱেশ ৫ সন্ত্ৰাসবাদীৰ

মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ প্ৰাকক্ষণত অঘটন, অনুপ্ৰৱেশ ৫ সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ প্ৰাকক্ষণতেই লাগিল অথন্তৰ। জম্মু-কাশ্মীৰৰ চাংবা অঞ্চলত অনুপ্ৰৱেশ কৰিছে ৫ জনকৈ সন্ত্ৰাসবাদীৰ দল। এই কথা জনাইছে বিএছএফৰ উচ্চ পদষ্ট বিষয়াই। কোৱা হৈছে যে ৫ জনীয়া এই সন্ত্ৰাসবাদীৰ দলটো সুৰংগৰ জড়িয়তে সীমান্তত প্ৰৱেশ কৰে। বিএছএফৰ সূত্ৰই জনোৱা মতে সীমান্তত সন্ত্ৰাসবাদীৰ গতি-বিধি দেখিবলৈ পোৱা গৈছিল যদিও কিছুসময় পিছতেই সন্ত্ৰাসবাদী সকল অন্তৰ্ধান হৈ যায়। ইতিমধ্যে সমগ্ৰ এলেকাতে ৰেড-এলাৰ্ট জাৰি কৰা হৈছে, অহা শনিবাৰে প্ৰধানমন্ত্ৰী মোদী জম্মু-কাশ্মীৰত কেইবাখনো সভাত অংশগ্ৰহণ কৰিব। কিন্তু ইয়াৰ মাজতেই সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশে চিন্তীত কৰি তুলিছে সকলোকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*