অসম

মৰাণ নগৰপালিকাৰ চাফাইৰ নমুনা

মৰাণৰপৰা ৰাজু মিশ্ৰা,প্ৰথম খবৰ: চাওঁক নৰেন্দ্ৰ মোদী স্বচ্ছা ভাৰতৰ নমুনা।বিজেপি দলৰ নেতা কৰ্মীয়ে মোদী স্বচ্ছ ভাৰত অভিযান আঁচনিৰ আৰম্ভণিতে সকলোৱে হাতত ঝাড়ুলৈ ওলাই আহিছিল চাফাই অভিযানত।হাতত ঝাড়ু লৈ কেৱল কেমেৰা আগত ওলাবলৈহে এই নাটক কৰিছিল এই কথা এতিয়া সৰ্বত্ৰে স্পষ্ট হৈ পৰিছে। দেশৰ অন্যান্য ঠাইৰ লগতে অসমতো অসমৰ মুখ্যমন্ত্ৰীকে প্ৰমূখ্য কৰি অসম চৰকাৰৰ মন্ত্ৰী,বিধায়কৰ লগতে বিজেপিৰ নেতা, কৰ্মীলৈ সকলোৱে গাঁৱে-ভূঞে,নগৰে-চহৰে অলিয়ে গলিয়ে নামি পৰিছিল চাফাই অভিযানত। কিন্তু নৰেন্দ্ৰ মোদী স্বচ্ছ ভাৰত অভিযান এতিয়া ফ্লপ শ্ব’ত। অসমৰ বিজেপিৰ নেতা কৰ্মীয়ে নামানে মোদীৰ নিৰ্দ্দেশ।  ছয়দিন ধৰি মৰাণ নগৰ পালিকাই পেলোৱা নাই আৰ্বজনা।নগৰ পালিকাই জাৱৰ পেলাবলৈ ঠাই নাই বুলি পেলোৱা নাই জাৱৰ যাৰ ফলত টেক্টৰ টেইলাৰৰ ওপৰতে এই দৰে জাবৰৰ দমে ভৰ্তি হৈ আছে। মৰাণ নগৰ পালিকাখন বিজেপি দলৰ দখলত থকা স্বতেও মোদীক বৃদ্ধাংগুষ্ঠ দেখুৱাইছে বিজেপি দলৰ কৰ্মীসকলে। যাৰ ফলত উজনি অসমৰ চাহ আৰু তৈল নগৰী মৰাণ নগৰ হৈ পৰিছে কদৰ্য্যময় আৰ্বজনা নগৰীলৈ। নগৰখনৰ দুৰ্গন্ধময় পৰিবেশে অতিষ্ঠ কৰি জনসাধাৰণক।  মিনি দিছপুৰ ৰূপে এসময়ত খ্যাত হৈ পৰা এই মৰাণ নগৰ এতিয়া চাৰিও ফালে আৰ্বজনাই ভৰি পৰাত নানা বেমাৰে হেঁচা মাৰি ধৰিছে জনসাধাৰণক। এই মৰাণ নগৰতে বসবাস কৰি বজাৰ সমাৰ কৰে বিজেপিৰ মৰাণ আৰু মাহমৰা বিধায়কদ্বয় ক্ৰমে চক্ৰধৰ গগৈ আৰু যোগেন মহনে। তাৰোপৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, প্ৰাক্তন বিধায়ক ত্ৰয় ক্ৰমে- শৰৎ শইকীয়া, সুশান্ত বৰগোঁহাই আৰু জীৱনতাৰা ঘাটোৱাৰেও এই নগৰতে বজাৰ সমাৰ কৰে। কাৰো নগৰখন উন্নয়নত দৃষ্টি দিবলৈ সময় নাই। এইয়াই অসমৰ পৰিবৰ্তিত উন্নয়ন নমুনা।

Related Articles

Leave a Reply

Close