অসম

লংকাত বৃহৎ পৰিমাণৰ অবৈধ চেগুণৰ কুণ্ডা জব্দ

লংকাৰপৰা হিৰোৎপল শইকীয়া,প্ৰথম খবৰ:নিশা প্ৰায় ১ মান বজাত হোজাই প্ৰশাসনৰ তৎপৰতাত লংকা আঞ্চলিক বনবিভাগে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় লংকাৰ ১নং পিপল পুখুৰীৰপৰা বৃহৎ পৰিমাণৰ চোৰাং অবৈধ চেগুণৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে,চোৰাং কাঠ ব্যৱসায়ীৰ এটা দলে চেগুণৰ কুণ্ডাখিনি উদালী দিশৰপৰা লংকা অভিমুখে আনি থকাৰ পথত ১ নং পিপল পুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা জব্দ কৰিবলৈ সক্ষম হয় যদিও চোৰাং কুণ্ডা ব্যৱসায়ী কেইজন পলাই সাৰিবলৈ সক্ষম হয়।পিছত জব্দ কৰা চোৰাং কুণ্ডাখিনি বনবিভাগৰ দলটোৱে লংকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে। জব্দ কৰা অবৈধ চেগুণৰ কুণ্ডাখিনিৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close