অসম

লখিমপুৰ জিলাৰ সোণাপুৰত শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা সভা

বিতোপন শইকীয়া  লালুক,  প্ৰথম খবৰ :
আজি ০৪\০৫\২০১৮ তাৰিখ শুক্ৰবাৰে লখিমপুৰ জিলাৰ সোনাপুৰ মাদ্ৰাছা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত নজৰুল ইচলাম দেৱৰ সভাপতিত্বত শিশু সুৰক্ষা সম্পৰ্কীয় এখনি সজাগতা সভা অনুষ্ঠিত হয় । ৰাজ্যিক শিশু সুৰক্ষা সমিতি তত্বাৱধানত , লখিমপুৰ জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰনৰ সহযোগত অনুষ্ঠিত সজাগতা সভাখন আতঁ ধৰে লখিমপুৰ জিলা শিশু সুৰক্ষা গোটৰ শিশু সুৰক্ষা বিষয়া(আনুষ্ঠানিক) শ্ৰীযুতা প্লাবিতা দাসে । সভাৰ আৰম্ভনিতে লখিমপুৰ জিলা ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া শ্ৰীযুত প্ৰশান্ত বৰাদেৱে শিশু সুৰক্ষা আৰু বাল্য বিবাহৰ কুপ্ৰভাবৰ পৰা সমাজক মুক্ত কৰি এখন নিকা আৰু সুস্থ সমাজ গঢ়াত অংশীদাৰ হ’বলৈ সকলোকে আহ্বান জনায়।
সমল ব্যক্তি হিচাবে উপস্থিত থকা লখিমপুৰ জিলা শিশু ন্যায় বৰ্ডৰ সদস্য শ্ৰীযুত দ্বিজেন বৰাদেৱে শিশুৰ অপৰাধ প্ৰৱণতা আৰু ন্যায় সম্পৰ্কীয় ব্যৱস্থা সমূহৰ বিষয়ে সভাত বিস্তৃত ব্যাখ্যা আগবঢ়ায় লগতে সংশোধিত POCSO Act ৰ উদ্ধৃতিৰে এই ব্যৱস্থাৰ প্ৰতি সমাজক সচেতন হবলৈ আহবান জনায় ।
সমল ব্যক্তি তথা লখিমপুৰ জিলা শিশু কল্যাণ সমিতিৰ সভানেত্ৰী শ্ৰীযুতা মল্লিকা বৰা বাইদেৱে শিশু শ্ৰমিক আইনৰ উদ্ধৃতিৰে শিশু সকলক শ্ৰমিক হিচাবে ব্যৱহাৰ নকৰিবৰ বাবে সমাজক আহ্বান জনায় । ইয়াৰ বিপৰীতে তেওঁলোকক শিক্ষাৰ পোহৰেৰে উজ্জ্বলিত কৰিবলৈ আহবান জনায় ।
জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ উপ-সভাপতি শ্ৰীযুত আবু চয়িদ খানদেৱে জিলা আইন সেৱা প্ৰাধিকৰনৰ হৈ শিশু সম্পৰ্কীয় আইন আৰু শিশুৰ ন্যায় সঙ্গত শিক্ষাৰ ব্যৱস্থাৰ বিষয়ে বিস্তৃত ভাবে দাঙি ধৰে । বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্ৰীযুত জ্যোতিদেৱ গোস্বামী দেৱে শিশুৰ বাল্য বিবাহৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি আগবাঢ়ি আহিবলৈ আহবান জনায় ।
লখিমপুৰ জিলা আমছুৰ সভাপতি শ্ৰীযুত আমিনুৰ ৰহমান দেৱে ধাৰ্মিক সংখ্যালঘু সকলৰ শিশু সকল শৈক্ষিক অনগ্ৰসৰতা আৰু বাল্য বিবাহৰ কুপ্ৰভাবৰ বাবে সমগ্ৰ জাতিটো পিচপৰি থকা বুলি উল্লেখ কৰে। গতিকে সমাজৰ এই কুপ্ৰভাব সম্পৰ্কে সচেতন হৈ এই সমূহৰ পৰা মুক্তি পাবলৈ সকলোকে আহ্বান জনায় ।
উক্ত সভাত সোনাপুৰ মাদ্ৰাছা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত আলতাফ হুচেইন, জিলা শিশু সুৰক্ষা বিষয়া দ্বয় শ্ৰীযুতা প্লাবিতা দাস (আনুষ্ঠানিক) আৰু শ্ৰীযুতা স্মৃতিৰেখা দত্ত (অনানুষ্ঠানিক ),জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ সম্পাদক শ্ৰী গৌতম কুমাৰ শইকীয়া, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close