অসম

শিৱসাগৰত ছহীদ পৰাগ দাসৰ স্মৃতি চাৰণ অনুষ্ঠান সম্পন্ন অংশগ্ৰহণ কৰিব নিৱন্ধকাৰ , সমালোচক শিক্ষাবিদ ড০ সৌমাৰজ্যোতি মহন্তই

 

প্ৰথম খবৰ , শিৱসাগৰ :  অসমত সংবাদ মাধ্যমেৰে এক নতুন পথ দিব বিচৰা সৰ্বকাললৈ খ্যাতি অৰ্জন কৰা স্বনামধন্য ছহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ এখনি স্মৃতি চাৰণ অনুষ্ঠান অনুস্থিত কৰে বৃহত্বৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চই | উক্ত অনুষ্ঠানত জিলাখনৰ দুজন সাংবাদিকৰ লগতে এজন ক্ৰীড়া সংগঠকক সম্বৰ্দ্ধনা জনোৱা হয় | ছহীদ সাংবাদিক গৰাকীৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনাই দুটা শাখত প্ৰাইজমাণি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় | কাৰ্য্যসুচী অনুসৰি মঞ্চৰ সভাপতিয়ে পুৱা পতাকা উত্তোলন কৰাৰ পাছতে ছহীদ তৰ্পন কৰে মঞ্চৰ সাংগঠনিক সম্পাদক মেহদী মাচুদ আহমেদে | বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক মনিৰুল ইছলাম বৰাই , সীমান্ত গগৈৰ সভাপতিত্বত দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা মুকলি ও সম্বৰ্দ্ধনা আৰু পুৰস্কাৰ বিতৰণি সভাত নিদিষ্ট বক্তা ৰূপে স্মৃতি চাৰণেৰে নৱাগত সাংবাদিক সকলে ছহীদ সাংবাদিক জনৰ আদৰ্শক অক্ষুণ্য ৰখাকৈ কাম কৰি যোৱাৰ আহ্বান জনাই বিশিষ্ট নিৱন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই অংশগ্ৰহণ কৰাৰ লগতে নিমন্ত্ৰীত অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি বসন্ত গগৈ , আমি অসমৰ জনগণ বাতৰি কাকতৰ উজনিৰ তত্বাবধায়ক অপূৰ্ব্ব ভূঞা , শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বৰগোঁহাইকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিতিয়ে অনুস্থানৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে | বৃহত্বৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চৰ সম্পাদক পংকজ খাউণ্ডে আত ধৰা অুনস্থানত সংগঠনটোৰ সদস্যৰ লগতে শতাধীক লোক উপস্থিত আছিল |

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close