অসম

শিৱসাগৰত ছহীদ পৰাগ দাসৰ স্মৃতি চাৰণ অনুষ্ঠান

প্ৰথম খবৰ , শিৱসাগৰ: অসমত সংবাদ মাধ্যমেৰে এক নতুন পথ দিব বিচৰা সৰ্বকাললৈ খ্যাতি অৰ্জন কৰা স্বনামধন্য ছহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকীৰ দিনা  অহা ১৭ মে’ত এখনি ছহীদ পৰাগ কুমাৰ দাসৰ স্মৃতি চাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে।

বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চই আয়োজন কৰা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি উক্ত দিনাই দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব|

কি আছে কাৰ্যসূচী?

কাৰ্যসূচী অনুসৰি মঞ্চৰ সভাপতিয়ে পুৱা পতাকা উত্তোলন কৰাৰ পাছতে ছহীদ তৰ্পন কৰিব মঞ্চৰ সাংগঠনিক সম্পাদক মেহদী মাচুদ আহমেদে। বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট সাংবাদিক মনিৰুল ইছলাম বৰাই,  ছহীদ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব জ্যেষ্ঠ সাংবাদিক তথা ফুলেশ্বৰী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মনোজ বৰঠাকুৰে। দিনৰ ২ বজাৰপৰা আৰম্ভ হব লগা মুকলি আৰু সম্বৰ্দ্ধনা আৰু পুৰস্কাৰ বিতৰণি সভাত নিদিষ্ট বক্তা ৰূপে স্মৃতি চাৰণ কৰিব বিশিষ্ট নিৱন্ধকাৰ তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তই।

বিশিষ্ট অতিথি ৰূপে শিৱসাগৰ জিলা জনসংযোগ বিষয়া শাৰদী গগৈ , জেষ্ঠ্য অধিবক্তা শ্বেখ চমচেৰে অংশগ্ৰহণ কৰাৰ লগতে নিমন্ত্ৰীত অতিথি হিচাপে অংশগ্ৰহণ কৰিব সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি বসন্ত গগৈ, আমি অসমৰ জনগণ বাতৰি কাকতৰ উজনিৰ তত্বাবধায়ক অপূৰ্ব্ব ভূঞা , শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ বৰগোঁহাই , বিশিষ্ট সাংবংদিক ৰাতু কুমাৰ দাসে।

এই অনুষ্ঠানতে ক্ৰীড়া সংগঠকৰ লগতে কেইবাজনো সাংবাদিকক সম্বৰ্দ্ধনা জ্ঞাপন কৰিব বুলি বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চৰ সম্পাদক পংকজ খাউণ্ডে এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে |

Related Articles

Leave a Reply

Close