অসম

শিৱসাগৰ আৱকাৰী বিভাগৰ অবৈধ মদৰ ঘাটি উচ্ছেদ অভিযান

প্ৰথম খবৰ,শিৱসাগৰ: শিৱসাগৰ আবকাৰী বিভাগে আজি দিনৰ ভাগত জিলাখনৰ আমগুৰি ৰাজহ চক্ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অবৈধ মদ ব্যৱসায়ী উচ্ছেদ অভিযান চলাই অঞ্চল সমুহৰ পৰা ৭ জন অপৰাধীক গ্ৰেপ্তাৰ কৰি ৭ টা গোছৰ ৰোজু কৰিছে বুলি আৱকাৰী পৰিদৰ্শক আশুতোষ বৰুৱাই জানিবলৈ দিছে। অভিযানকাৰী দলটোৱে আমগুৰি ৰাজহ চক্ৰ অন্তৰ্গত ধেনুচুচা,দেউৰজা,মানটনিয়া, ৰটনপুৰীয়া,চিপুৰীয়া,অভয়পুৰীয়া,দিবুৱাল , টিপমীয়া খড়াগড়,আৰু মাহীগাঁও আদি অঞ্চলত অভিযান চলাই ৭.২০০ লিটাৰকৈ চুলাই ৰাখিবপৰা ১২ টাকৈ চিনটেক্স,৩৪০ লিটাৰ অবৈধ মদ জব্দ কৰি এই অৱৈধ মদ সমুহৰ নমূনা ৰাখি ধ্বংস কৰে। আৰু আৱকাৰী আইন ২০০০ ধাৰা ৫৩ (১)এ আৰু (২) c. অনুসৰি গোছৰ পঞ্জীয়ণ কৰিছে বুলি আৱকাৰী পৰিদৰ্শক আশুতেষ বৰুৱাই জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close